পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭৭
অশ্বমেধপর্ব


তৈত বীৰ ধনঞ্জয় ঘোটক নাপাই।
খোজক নিহালি চলে সৰ্ব্ব সৈন্য লই॥ ৩৪৯২৯
কৰে ধনু ধৰি সবে বীৰ চলি যায়।
পশ্চিম দিশক চলে পদচিহ্ন চাই॥
অশ্ব গজ ৰথসব পদাতি বিশেষ।
উৎকল দেশত সবে ভৈলন্ত প্ৰবেশ॥ ৩৪৯৩০
অসংখ্য পদাতি ৰথধ্বজ সেনাগণ।
পথে যান্তে এক নদী পাইল৷ দৰশন॥
চন্দ্ৰহাস বব্ৰুবাহা ৰাজা নীলধ্বজ।
বীৰবৰ্ম্মা প্ৰভৃতি সকলে ভৈল৷ সাজ॥ ৩৪৯৩১
দেখিয়া নিৰ্ম্মল জল গৈল৷ কৃষ্ণস্থানে।
কৰযোৰে ৰাজাগণে পুছিলা তেখনে॥
চাৰু নদী দেখিলো সুন্দৰ মনোহৰ।
কোন পুণ্যকাৰী নদী কহা দামে৷দৰ॥ ৩৪৯৩২
দিব্যপুৰীগোট প্ৰভু দেখি চন্দ্ৰকান্তি।
এহিদেশে কোন বীৰ হৱে নৰপতি॥
ভক্তি কৰি বীৰগণে বুলিলা বচন।
শুনিয়া উত্তৰ দিলা দেৱ নোৰায়ণ॥ ৩৪৯৩৩
উৎকল নগৰ এহি আতি দিব্যপুৰী।
বীৰসিংহ ৰাজা এহি ৰাজ্যে অধিকাৰী॥
ধৰ্ম্মৱন্ত বলৱন্ত প্ৰধান নৃপতি।
দানশীল গুণৱন্ত বিষ্ণুত ভকতি॥ ৩৪৯৩৪
ক্ষমায়ে ধৰণী সম ৰণে কালযম।
প্ৰজাসব পালে ৰাজা কৰে ধৰ্ম্ম কৰ্ম্ম॥
একাদশী ব্ৰতভঙ্গ নকৰন্ত দেশে।
গন্ধে পুষ্পে ধূপে দীপে পুজে হৃষীকেশে॥৩৪৯৩৫
বাল্য বৃদ্ধ যুৱা যত যত নাৰীগণ।
কায়বাক্যে অহৰ্নিশে চিত্তে নাৰায়ণ॥
হৰি মাতা হৰি পিতা হৰিলে বিধাতা।
হৰি বিনে স্বপ্নেও নভাষে আন কথা॥ ৩৪৯৩৬
অহৰ্নিশে চিন্তে ৰাজা মোহোৰ চৰণ।
সত্যবাদী জিতেন্দ্ৰিয় আতি শুদ্ধ মন॥
পৰম বৈষ্ণৱ ৰাজা পৃথিৱীতে সাৰ।
কোন কালে ৰণভঙ্গ নাহিকে তাহাৰ॥ ৩৪৯৩৭

   

দেৱাসুৰ নৰ যক্ষ গন্ধৰ্ব্ব কিন্নৰ।
বীৰসিংহ নামে সবে কাম্পে থৰথৰ॥
দাৰুণ সমৰে যদি লৱে ধনুশৰ।
স্বৰ্গ মৰ্ত্ত্য পাতাল কাম্পয় থৰথৰ॥ ৩৪৯৩৮
বিষ্ণুপতি গঙ্গা এহি পাপ বিনাশিনী।
দৰশনে মোক্ষ পাৱে শুনা কদাচিনী॥
অৰ্জ্জুন প্ৰভৃতি সবে বাজা কৰি সঙ্গে।
স্নান কৰি জলত কৰন্ত নানা ৰঙ্গে॥ ৩৪৯৩৯
স্নান কৰি তটত উঠিলা নাৰায়ণে।
হৰি পূজা বিধিৱতে কবে সৰ্ব্বজনে॥
বীৰসিহে নদী স্নান কৰিলা তেখনে।
কৃষ্ণে বোলে ৰাজাগণ শুনা সাৱধানে॥৩৪৯৪০
ভক্তিভাৱে দৃঢ়জ্ঞানে পূজন্ত বাজনে।
গন্ধ পুষ্প ভাসি আসে মোহোৰ চৰণে॥
মোহোক পূজন্ত বাজ সুগন্ধ চন্দনে।
সেহি পুষ্প আসে দেখা মোৰ বিদ্যমানে॥৩৪৯৪১
চল চল ৰাজাগণ আমাৰ সহিতে।
পৰম বৈষ্ণৱ বীৰসিংহক দেখন্তে॥
বৈষ্ণৱ দেখন্তে পুণ্য হৱে বহুতৰ।
গীতা ভাগৱত শাস্ত্ৰ পঢ়িছে বিস্তৰ॥ ৩৪৯৪২
কৃষ্ণৰ বচনে ভেবে চলে সৰ্ব্বজন।
বাদ্যে ভাঙে চমকিত ইতিনি ভুৱন॥
যৈতে আছে বীৰসিংহ কৃষ্ণক ধিয়াই।
কৃষ্ণ পাৰ্থ আদি চাৱে নদীতীৰে যাই॥ ৩৪৯৪৩
সেহিৰূপে হৃদয়ে চাৰে দৃঢ় ভক্তি ভাৱে।
সেহিৰূপে সাক্ষাতে দেখন্ত সেহি ঠাৱে॥
কৃষ্ণক দেখিয়া বাজা হৰিষ আপাৰ।
অষ্টাঙ্গে ভূমিত পৰি কৰে নমস্কাৰ॥ ৩৪৯৪৪
কৰযোৰে ভুতি কৰে কৃষ্ণৰ চৰণে।
অনাথৰ নাথ তুমি শ্ৰীমধুসুদনে॥
পতিত পাৱন প্ৰভু অনাথৰ নাথ।
বহু পুণ্যফলে প্ৰভু দেখিলো সাক্ষাত॥ ৩৪৯৪৫
আজিসে সাফল মোৰ জীৱন যৌৱন।
আজিসে সাফল মোৰ যত ৰাজ্য ধন॥