পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৭২ সঞ্জয়ে কহিলা যত স্বৰূপ কথাক। জানিবা কৌৰৱে ৰাজ্য নেদয় আমাক। ২০২২৭ নিকাৰ স্মৰন্তে দ্ৰৌপদীৰ দেখি মুখ। আত পৰে পাণ্ডৱৰ আছে কোন দুখ॥ ক্ষত্ৰি জাতি ধিক হেন পৰম নিষ্ঠুৰ। জ্ঞাতি বৈৰী হিংসা যেন কুকুৰে কুকুৰ॥ ২০২২৮ মহাজ্ঞাতিবধ জানা পাতকক ডৰ। শয়নতো নিদ্ৰ৷ নিৰ্মিলয় ৰাত্ৰি মোৰ॥ পিতামহ জেঠা সোদৰক কৰি হত। কিবা সুখে পৃথিৱী লভিবো সমত॥ ২০২২৯ মাধৱে বোলস্ত দদা হেনসে বিহিত। শত্ৰুক নিদলি ৰাজ্য লৈবাক উচিত। মহাদুখে বাট চাই পৰিহৰি শোক। আশা কৰি আছস্ত তোমাৰ বন্ধু লোক॥ ২০২৩০ এৱে যদি ৰণ এৰা 'ক্ষত্ৰিয়ৰ ধৰ্ম্ম। শুনি তষু বন্ধুগণে কৰিবন্ত মৰ্ম্ম॥ শুনা দদ৷ হিতপৰ মন্ত্ৰণা যুগুত। কৌৰৱৰ পাশে মোক পঠায়োক দূত। ২০২৩১ তোমাৰ কাৰণে দূত হুয়৷ চলি যাওঁ। ৰাজ্য দেই নেদে কৌৰৱত পুছি চাওঁ। যদি ৰাজ্য নেদে সমৰক কৰি সাৰ। কৌৰৱক মাৰি ৰাজ্য লৈয়ো আপুনাৰ॥ ২০২৩২ হেন শুনি যুধিষ্ঠিৰে বুলিলন্ত বাক। কোন সভে দূত কৰি পঠাইবো তোমাক॥ মহাপাপী দুষ্ট দুৰ্য্যোধনৰ সমাজ। শ্ৰীমদে অন্ধ কাকো নাহি ভয় লাব্জ॥ ২০২৩৩ সৰ্ব্বকালে হিত তুমি জানিয়া আমাৰ পাপী দুৰ্য্যোধনে নকৰিধে সতকাৰ॥ কটুৰতা অনেক বুলিবে মন্দ বাক। সমাজত সিংহাসন নেদিবে তোমাক॥ ২০২৩৪ মাধৱে বেলিন্ত যাইবো কৌৰৱসমাজ। সাধিবাক পাৰিৰে৷ আমিসে ভযু কাজ। তযু অৰ্দ্ধৰাজ্য খুজি চাওঁ আগধৰি। ৰাজ্যক নিদিবে তাক জানো নিষ্ট কৰি॥ শুনা শুনা দদ৷ নিষ্ট কৰি কহো সাব। বিনা যুদ্ধে ৰাজ্য হুখে নেদিব তোমাৰ॥ তথাপিতো যাইবো লোকঅপবাদ ভবে। সম্বন্ধত আমাৰ কুটুম্ব দুয়ো ঘৰে॥ ২০২৩৬ লোকে হেন বুলিৰে কৃষ্ণেসে বৰ মন্দ। সমৱস্তি কৰি কিয় নভাঙ্গিলে দন্দ॥ সি কাৰণে বংশৰ মাজত কটাকটি। অন্যৰেসে দোষ নাই মাধৱৰ ঘাটি॥ ২০২৩৭ হিত উপদেশ হেন যুগুত উত্তৰে। যুধিষ্ঠিৰে কৃষ্ণক মাতিল৷ ধীৰে ধীৰে। তযু মকৰন্দ পদ্মচৰণৰ ঘ্ৰাণে। সদায়ে নিৰ্ম্মল চিত্ত মহাজন মানে॥ ২০২৩৮ তযু লীলা গুণ কৰ্ম্ম হুমৰি মৰি। তোমাৰেসে কৃপালেশে ভৱভয় ভৰি॥ তুমি মোৰ নাৰায়ণ তাসম্বাৰ পতি। তোমাৰ হেনসে স্নেহ পাণ্ডৱক প্ৰতি। ২০২৩৯ অযুগুত কৰ্ম্ম সেৱকৰ যোগ্য নুই। কৌৰৱৰ পাশক চলিবা দূত হুই॥ দূত হুই যাইবা যেৱে তথাপি নবাধো। এখানি গোচৰ তযু চৰণত সাধো॥ ২০২৪০ কৌৰৱৰ হিংসাবাদ অপমান পাই। তঙ্ক নামে চণ্ডালক সহন নযায়॥ সি কাৰণে সমৰক অভিলাষ কৰো। তথাপিতো জ্ঞাতি বধ পতিকক ভৰো॥ ২০২৪১ এতেকেসে দুৰ্য্যোধন নৃপতিৰ পাশে। মৃদুতৰ বচন বুলিবা লাসে লাসে॥ ভেদ দত্ত নুবুলি বুলিবা প্ৰিয় সাম। ৰাজ্য নেদে যাপি মাগিব৷ পাঞ্চ গ্ৰাম। ২০২৪২ তথাপিতো আমাৰ সন্দত কাৰ্য্য নাই। তাকে সেৱা কৰিয়৷ থাকিবে৷ পাঞ্চে৷ ভাই। ভীমে উঠি বোলন্ত শুমিয়ো জনাৰ্দ্দন। মহাঘোৰ সমৰক মোৰো নাহি মন॥ ২৮২৪৩ একে খানে জন্ম সবে ফুফ পাৱৰ। গুণি চাৱা কৃষ্ণ আমি বেদুৰ অন্তৰ