পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্বোধ পৰ্ব্ব বিচাৰত তেহে নৰনাৰায়ণ সাৰ। কৃষ্ণ ধনঞ্জয় ৰূপে ভৈলা অৱতাৰ॥ ২০২১১ পৃথিবীৰ ভাৰ সংহৰিধে মন কৰি। বধিবন্ত দুষ্ট দৈত্য দেৱতাৰ বৈৰী॥ ধৃতৰাষ্ট্ৰে বোলে কৃষ্ণ ধনঞ্জয় মানো। তই যে জানস মই কিসক নজানো। ২০২১২ সঞ্জয়ে বোলন্ত তব নাহিকে ভকতি। সৰ্ববদায়ে পুত্ৰগৃহবাসে আসকতি॥ সি কাৰণে মাধৱক নজানাহা তুমি। ভকতি প্ৰৱলে গোবিন্দক জানো আমি। ১ ধৃতৰাষ্ট্ৰ বদতি শুনিয়ে৷ দুৰ্য্যোধন। সঞ্জয়ে কহিলা শুনো কৃষ্ণো নাৰায়ণ॥ কৃষ্ণক আনিলে পাণ্ডৱক ঐতে পাই। ধেলুক বান্ধিলে যেন বৎসো তৈকে যায়॥ ১৪ যুধিষ্ঠিৰ ৰাজাৰ কৃষ্ণসে আত্মা সাৰ। মাধৱক আনি তই কৰিয়ো সৎকাৰ। হেন শুনি দুৰ্য্যোধনে দিলেক উত্তৰ। সৰ্ব্বকালে কৃষ্ণ কুট কপটৰ ঘৰ। ২০২১৫ বাহিৰেয়ো কলীয়া ভিতৰে তাৰ কাল। কপটীত শৰণ লৈলস্তে নাহি ভাল॥ একোকালে কপটীত নকৰি বিশ্বাস। আনক বাকলি দি আপুনি ভুঞ্জে শাস॥২০২১৬ চোৰক ভণ্ডাৰ লুভূনীক হাঙীশাল। সৰ্পে-মুখে ইষ্টতা নৰহে চিৰকাল॥ অৰ্জ্জনে সহিতে যাৰে ইষ্ট দামোদৰ। আছোক শৰণ নাম মুগুনো কৃষ্ণৰ॥ ২০২১৭ শ্ৰীকৃষ্ণৰ লগত পাঞ্জৱৰ আলোচনা বৈশম্পায়ন বাতি গুলিয়ো নৰেশ্বৰ। আত অনন্তৰে কথা শুনা, পাণ্ডৱৰ। যুদ্ধক উদ্যোগ পাওৱষ বীগণ। অস্ত্ৰশস্ত্ৰ ধৰি যুক্তিবাক ইমন | ২০১৮ ১৩৭১ ধৃষ্টদ্যুম্ন শিখণ্ডী বিৰাট যুযুধান। নৃপতিৰ সমাজত ভৈল এক স্থান | ভীমসেন নকুল যে সহদেৱ দুই। সমাজত বসিলন্ত একস্থান হুই॥ ২০২১ যুধিষ্ঠিৰ নৃপতি বসিলা সেহি স্থানে। মাধৱে পাৰিয়া দিলা দিব্য সিংহাসনে॥ যুধিষ্ঠিৰে মাধৱক দিয়াইলা আসন। সেহিৰেলা অৰ্জ্জুন তথাতে উপসন॥ ২০২২০ সমাজ প্ৰবেশ দেখি তিনি মহাবল। গাৱ চালি উঠিলেক সমাজ সকল॥ সম্ভাষ৷ কৰিল৷ মাতি যাক যেনমত। যুধিষ্ঠিৰ প্ৰথমে বসিলা আসনত | ২০২২১ ৰাজাগণ পাচে বসিলেক, স্বকী স্থানে। একাসনে বসিল৷ অৰ্জ্জুন নাৰায়ণে। পাণ্ডৱক উপাসি গৌৰৱে বীৰবলে। বাসৱক বেঢ়ি যেন ত্ৰিদশ সকলে। ২০২২২ শুনি আছে সকল সমাজে নিৰন্তৰে। যুধিষ্ঠিৰে কৃষ্ণক মাতিল৷ ধীৰে ধীৰে॥ ইটো দুখ নিকাৰ সহিবে| কত কত। দেখা দেখা কৃষ্ণ পাণ্ডৱৰ দুখ যত॥ ২০২২৩ মহা কূটপাশে দুৰ্য্যোধন দুৰাচাৰ। ছলে বলে ৰাজ্য কাঢ়ি লৈলেক আমাৰ। অদ্যাপিয়ে৷ থিৰ নোহে উদবিগ্ন মতি। দৰিদ্ৰৰ আশা যেন শাক অন্নে ৰতি। ২০২২৪ দৰিদ্ৰজনৰ ইহলোকে সুখ নাই। দিবে নপাৰিলে ইষ্ট-কুটুম্ব নপায় | দৰিদ্ৰ জনৰ একে বনবাস বিনে। পৰলোকে দুখী হৱে দামপুণ্যহীনে॥ ২০২২৫ ধনৱন্ত প্ৰাণীৰ সিজয় সবে ধৰ্ম্ম। দিলে থৈলে তাহাক ফৰয় সবে মৰ্ম্ম। সহস্ৰ সংখ্যাত ধনবস্তু থাকে যাৰ। চুগু পেয়ো হুগুণ সকলে বা তাৰ। ২০২২ এতেকে মাধৱ দুখী জানিব। ধনৱজ্ঞ দুৰ্যোধন জাৰ্নিঝৰা ডাক