পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভোগ পৰ্ব্ব শৰীৰ পৰিলে পুনৰপি দেহ পাই। প্ৰাণসম অৰ্জ্জুনক এৰণ নধায়॥ প্ৰফুল্ল নয়ন পূৰ্ণানন্দ ঘনশ্যাম। আপুনাৰ নয়নে দেখিলে৷ অনুপাম৷ ২০১৭৯ যোগীগণে যাহাক নপাৱে ধ্যান কৰি। হেনয় কৃষ্ণৰ মই পৰশিলে৷ ভৰি॥ হেন শুনি ভীষ্ম দ্ৰোণে উঠি আসনৰ। সাধু সাধু ভকত ৰৎসল দামোদৰ॥ ২০১৮০ বাক্য গদ গদ মুখে হুমন্ত ৰাম। পৃথিৱীতে মাধৱক কৰিল৷ প্ৰণাম॥ সাধু সাধু ভকতবৎসল বনমালী। দণ্ডৱতে বিদুৰো পৰিলা এহি বুলি৷ ২০১৮১ পাণ্ডৱৰ পক্ষ যত কুৰু বীৰগণে। ধৃতৰাষ্ট্ৰে মাধৱক নমিলেক মনে॥ কৰ্ণ দুঃশাসন দুৰ্য্যোধন সমে বসি। মাধৱৰ কথা শুনি তুলিলেক হাসি॥ ২০১৮২ অন্যে| অন্যে বুলিলেক যুগ্ধ চাই চাই। যাদৱৰ সমান নিলাজ কেহো নাই | কাৰ সখি নাহিকে এলুৱা কৈত আছে। ভাৰ্য্যা স্বামী সমে চাৰিজন আগে পাচে॥ ৮৩ স্বভাৱে লম্পট মাধৱৰ লাজ নাই। অৰ্জ্জুনো পাগল ভৈল তাৰে সঙ্গ পাই। কৰ্ণে উঠি বোলন্ত নাৰীসে মুখ্য ঘট। মাধৱত পৰে নাই এম্বুবা লম্পট॥ ২০১৮৪ দুঃশাসনে বোলয় এলুৱা কাৰ আছে। নাৰীত নিলাজ পৰ-আপুন নবাছে॥ দুখী ভিক্ষী কাহাতো নাহিকে ভিন্ন পৰ। দ্বাৰকা জুৰিলে খিলিঙ্কাৰে যে ইহাৰ॥ ২০১৮৫ নিলাজ সঞ্জয় ইটো ভাৰে কথা কহে। তাকে শুনি প্ৰাণমন্ত ভীষ্ম পিতামহে॥ অৰ্জ্জুনৰ দিকি ভৈল তাকে শুনি পিতা। ৰাজ্য নেৰে৷ বোলভেস্ত কৰম্ভ হয় চিন্তা॥ ২০১৮৬ তাকে শুনি উৎৰান্ত বিস্তৃৰ খুবাই। কুৰু নৃপতিৰ ক্ষেছো পাল্টা নতু পাই। ১৭২ ভীষ্মে উঠি বোলে দুৰ্য্যোধন শুন শুন। কতনে৷ কহিবো কুৰু নৃপতিৰ গুণ॥ ২০১৮৭ দুঃশাসন শকুনি প্ৰৱল কৰ্প তুমি। কোন যুদ্ধে পাণ্ডৱৰ কাঢ়ি লৈলা ভূমি | একথান হুয়া যত পাত্ৰ মন্ত্ৰী লোক। কৃষ্ণক নিন্দস তেহে কি কৰিলে তোক॥ ৮৮ পৰ্ববতক কিলাইলে হাতত দুখ পাই। নভাগয় শিল৷ তাৰ ভুভিঙ্গ নাই। অভিমান এধি পাপী মনে মনে গুণ। ত্ৰিভুৱনে পাণ্ডৱক দম আছে কোন॥ ২০১৮৯ অৰ্জ্জুনৰ শৰে পঙ্কাকুল হুইবি মৰি। তোহোৰ লগত আমি হুইবো সয়তৰি | এহি বুলি ভীষ্মে যেৱে মৌন হুয়া ৰৈলা। পুনৰ্বাৰ সঞ্জয়ে যে কহিযাক লৈল॥৷ ২০১৯০ সঞ্জয় বদতি শুনা কৰ্ণ দুৰ্য্যোধন। পাণ্ডৱৰ লগত অনেক বীগণ! প্ৰথমতে শিখণ্ডী মাথাত দীৰ্ঘকেশ। নীলবস্ত্ৰ পৰিধান শৰীৰ সুবেশ। ২০১৯১ কৃষ্ণবৰ্ণ ঘোঁৰা কাউৰৰ ধ্বজ যাৰ। ভীষ্মক বধিবে সেহি কৰে অঙ্গীকাৰ॥ তাৰে ভাই ধৃষ্টদ্যুম্ন পুত্ৰ দ্ৰুপদৰ। ত্ৰিশূল সদৃশ শৰ আতি ভয়ঙ্কৰ। ২০১৯২ হৰে বৰ পাইল৷ ধৃষ্টদ্যুম্ন নাম যাৰ। গুৰু দ্ৰোণ বধক কৰয় অঙ্গীকাৰ। সময় উপেক্ষি কৌৰৱৰ দোষ সহি। মহাকোপে ফোকাৰন্তে ভীষ্ম কাল আহি ৯০ দুৰ্য্যোধন আদি কৌৰৱৰ শত ভাই। অঙ্গীকাৰ পূৰি ভীমে মাৰিবে কোবাই॥ দেৱতাৰ দুৰ্জ্জয় পৰম বলীয়াৰ। পূজিলন্ত শঙ্কৰে বীৰত্ব দেখি যাৰ। ২০১৯৪ হেন ধনঞ্জয়ে কৌৰৱক কোপ মনে। সৰ্পে যেন ফোকাৰ তেজস্ত ঘনে ঘনে।