পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখিলো কৃষ্ণৰ মই দুখানি চৰণ। নিষ্কিঞ্চন জনৰ বাঞ্চনি মোক্ষ ধন॥ ধ্বজ ৰজ্ৰ পঙ্কজ অঙ্কুশ যাত জ্বলে। এখানি দেখিলো অৰ্জ্জুনৰ বক্ষস্থলে॥ ২০১৬২ ৰাতুল চৰণ অৰ্জ্জুনৰ শ্যামতলু। মেঘত প্ৰকাশে যেন বাসৱৰ ধ্যু॥ বাম যে চৰণ বামহস্তে সমে তাত। থাপিলস্ত কৃষ্ণে সত্যভামাৰ কোলাত॥ ২০১৬৩ অৰ্জ্জুনৰ পাৱ দুই দ্ৰৌপদীৰ কোলে। সাবটিয়া সুন্দৰী আছন্ত কাম ভোলে॥ বিস্ময় ভৈলোহে৷ কিব৷ সোপন সচেত। তাসস্থাৰ শয়ন দেখিলো এহিমত। ২০১৬৪ ৰোমাঞ্চ শৰীৰ মোৰ কাম্পয় হাত ভৰি। মাটিতে বসিলো মই কৃতাঞ্জলি কৰি॥ দগুৱতে পৰি পৰি প্ৰণামে৷ তথাতে। উঠি উঠি কৃতাঞ্জলি কৰে৷ দুই হাতে॥ ২০১৬৫ মাতিবাক হুৱাৰিলে৷ বচন নোলাই। চিত্ৰৰ পুতলি যেন আছিলোহে৷ চাই॥ হৰিষে লোতক দুয়ো নয়নৰ বয়। হেন কালে আমাকে দেখিলা ধনঞ্জয়॥ ২০১৬৬ মোক দেখি অৰ্জ্জুনে কৃষ্ণত সঙ্কেতিল। চৰণত টিপি মাধৱত জান দিল। জাগিলন্ত কৃষ্ণও মেলিল৷ দুই আখি। চৰণ থৈবাৰ খাটখানি আগে দেখি। ২০১৬৭ চৰণে ঠেলিয়া মোক দিলন্ত বঢ়াই। মাথা পাতি লৈলে৷ মই খাটখানি পাই॥ প্ৰদক্ষিণ কৰি চৰণৰ ধূলি লৈলো। খাটখানি থৈয়৷ মই মাটিতে বসিলো॥ ২০১৬৮ অনন্তৰে কৃষ্ণে মোৰ মুখ চাই চাই। মঞ্জুৰ বচনে মোৰ আনন্দ বঢ়াই॥ অল্প অল্প হাসি পুছিলন্ত লাসে লাস। কি কাৰণে সঞ্জয় আসিলা মোৰ পাশ॥ ২০১৬৯ আজি বোলো বিদায় কৰিলে৷ বনমালী 1 হস্তিনাপুৰৰ প্ৰতি চলি যাইবো কালি # গোবিন্দে বোলন্ত অব্যাহতে চলি যাহা। কিন্তু মোৰ বাৰ্ত্ত৷ তুমি জেঠাত জানাহা॥ ২০১৭ ০ ভ্ৰাতৃৰ তনয় প্ৰিয়পুত্ৰে এৱে সৰি। তাঙ্ক দুখ দিলে যম যাতনাত মৰি। ধৰ্ম্মময় বৃক্ষ যুধিষ্ঠিৰ মহাবল। নকুল সহদেৱ তাতে ভৈল ফুল ফল॥ ২০১৭১ ভীম ধনঞ্জয় দুই ভাই ভৈলা ডাল। মই দৃঢ় শিফা মূলে ভেদিছো পাতাল॥ ফল পুষ্পে শোভন সম্পূৰ্ণ দেখি যাক। সহস্ৰ বাতাসে মিলি কি কৰিৰে তাক৷ ২০১৭২ অধম আচাৰ বৃক্ষময় দুৰ্য্যোধন। দুই ডাল ভৈল তাৰ কৰ্ণ দুঃশাসন॥ T

ফল পুষ্প ভৈল তাৰ ঊনশত ভাই।

পচা শিফা ভৈল তাৰ শকুনি সমাই॥ ২০১৭৩ প্ৰচণ্ড বতাস হুইবে পাণ্ডৱসকল। পাণ্ডৱ বায়ুৰ সখা মই নিজ বল॥ অল্প বতাসতে সিটো বৃক্ষ ভাগি পৰি। বৃক্ষৰূপ সমস্তে কৌৰৱ যাইবে মৰি # ২০১৭৪ আকে জানি অৰ্দ্ধৰাজ্য দিয়স্তোক আগে। সব সিজিবেক দন্দ বিবাদ নলাগে | সঞ্জয়ে বেলিন্ত হেন কথা শুনি মই। পুনৰপি মাধৱক বুলিলো বিনয়॥ ২০১৭৫ কৌৰৱ যে পাণ্ডৱ কুটুম্ব দুয়ো ঘৰ। আত কেনে বিষম দেখাহা দামোদৰ। গোবিন্দে বোলন্ত মই মধে কাৰ্য্য বুজো। কিন্তু ধনঞ্জয়ৰ ধাৰক নতু গুজো॥ ২০১৭৬ স্বৰূপ বচন কহো শুনিয়ে সঞ্জয়। এক দিকি প্ৰাপসম সখি ধনঞ্জৰ | আৰে৷ দিকি আছে মোৰ যত পত্নীগণ। যদুবীগণ সেহি দিকি সংস্কৰ্ষণ॥ ২০১৭৭ পিতৃ মাতৃ সমে উগ্ৰসেন মহীপাল | আপুনাৰ দেহকো আৰিলে৷ সেই কাজ বন্ধুগণ সহিতে এৰিবে পাৰো দেহ। ততোধিক দশগুণে অৰ্জুনকে স্নেহ। ২০১৭৮৬