সমললৈ যাওক

পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভোগ পৰ্ব্ব ধৃতৰাষ্ট্ৰ সঞ্জয়ক মাতিলেক পাচে। পাণ্ডৱৰ লগত মাধৱো তৈতে আছে॥ ২০১৪৫ পাণ্ডৱৰ অৰ্থে কৃষ্ণ কিলিলা মোক। ধনঞ্জয়ে কি বুলিলা তাক কহিয়োক। আমি জানো কৃষ্ণৰ কুটুম্ব দুয়ো ঘৰ। বঢ়া-টুটা নাহি একো সম্বন্ধ কৃষ্ণৰ॥ ২০১৪৬ কিবা পাণ্ডৱক যে অধিক স্নেহ কৰে। কিবা দুয়ো ঘৰত সমান দামোদৰে # ধৃতৰাষ্ট্ৰৰ আগত সঞ্জয়ৰ কৃষ্ণাৰ্জ্জুন সংবাদ কখন বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। ধৃতৰাষ্ট্ৰ নৃপতিৰ বচনে সঞ্জয়॥ ২০১৪৭ একে মন্দিৰতে কৃষ্ণ অৰ্জ্জুন শয়ন। নিৰ্জনত ৰৈল দ্ৰৌপদীয়ো সেহি ধান। সত্যভামা সমে মাধৱক দেখি তথা। সঞ্জয়ৰ মনত পৰিল সেহি কথা॥ ২০১৪ মাধৱৰ ৰূপ সিটো বচন হুমৰি। মূৰ্চ্ছা গৈল সঞ্জয় যে পৃথিৱীত পৰি॥ মূৰ্চ্ছা গৈল সঞ্জয় মুকুত ভৈল চুলি। দুই হাতে বিছৰে ধৰিল তাঙ্ক তুলি॥ ২০১৪৯ শুনি ধৃতৰাষ্ট্ৰ ৰাজ৷ মনত বিকল। গাৱত ঢালিলা আনি স্থশীতল জল!! বস্ত্ৰ ধৰি বিছিলা সঞ্জয় সুস্থ ভৈলা। পুনৰপি ধৃতৰাষ্ট্ৰে পুছিবাক লৈলা॥ ২০১৫ ০ পুত্ৰতো অধিক স্নেহু তোক দশগুণে! কি দেখিলি সঞ্জয় বিকল কি কাৰণে। সঞ্জয় বাতি গুনিয়োক নৃপবৰ। অৰ্জ্জুনৰ গৃহত দেখিলে৷ অনন্তৰ॥ ২০১৫১ তাহাক দুৰি মোৰ ৰোমাঞ্চ শৰীৰ। বিচিত্ৰ সুন্দৰ ধনঞ্জয়ৰ মন্দিৰ! হাৰা মৰকত যত মাণিক বাখৰে। স্ফটিকৰ স্তম্ভ শাৰী শাৰী জিকি পাৰে॥২০১৫ মাণিক প্ৰদীয় প্ৰকাশৰ পাতি। যাহাৰ প্ৰকাশে জান স্থানে স্থানে পাৰিজাত মালতী বকুল। দামে দামে থৈয়া আছে গুটিমালী স্কুল॥ ২০১৫৩ ধীৰে ধীৰে সুগন্ধি শীতল বায়ু বহে। কুদ্ৰাক্ষৰ জালায়ে অগৰু ধূম্ৰ বহে। ধূম্ৰক দেখিয়া ময়ুৰেও মেঘ বুলি। গৃহত পৰিয়া নাচে পুচ্ছ তুলি তুলি॥ ২০১৫৪ নকুল সহদেৰ অভিমত্যু আদি যত। সাত্যকিয়ো যাইবাক নপাৰে যি থানত তথাতে আছস্ত বনমালী ধনঞ্জয়। তৈক লাগি একদিন৷ চলি গৈলো ম‍ই॥ ২০১55 ডৰে একো দিশক নচাওঁ চক্ষু মেলি। মাথে বস্ত্ৰ দিয়া ধীৰে ধীৰে গৈলো চলি! অভ্যস্তৰে পশিলো শঙ্কিত কৰি বাট। তথাত দেখিলো মই চাৰিখানি খাট॥ ২০১৫৬ দুগ্ধফেন সম তুলি তাহাৰ উপৰে। এখানি খাটত শুতিছস্ত দামোদৰে। আজানুলম্বিত বনমালা শোভে গলে। মকৰ কুণ্ডল ৰবি শশী সম জ্বলে॥ ২০১৫৭ সজল জলদ অৰ্জ্জুনৰ শ্যামতনু। ভ্ৰূৱযুগ জলে যেন মদনৰ ধৰ্ম্ম। বিশাল বৰ্ত্তল দেখিলোহো চাৰি হাত। চাৰি অস্ত্ৰ ধৰিবাৰ চিহ্ন আছে তাত॥ ২০১৫৮ ঘুমটিৰ ছলে নেমেলস্ত দুই আখি। গাৱে পীত বসন বিজুলী সম দেখি তথাতে দেখিলো সত্যভামা দেবী আই। মাধৱৰ লগত আছস্ত নিদ্ৰা যায়॥ ২০১৫৯ অৰ্জ্জুনৰ পাৱ দুই দ্ৰৌপদীৰ কোলে। সাবটিয়া সুন্দৰী আছম্ভ কাম ভোলে!! আৱৰ খাটত তান চৰণৰ পাচে। অৰ্জ্জুনক দেখিলো তথাতে শুতি আছে॥২০১৬০ ই তিনি ভুৱনে যাক সম নাহি ৰূপে। দ্ৰৌপদীৰো গুতিছ তাহান সমীপে সিংহৰ লগত যেন গুতিছে সিংহিনী। অৰ্জ্জুনৰ লগে সেমিতে বাজ্ঞসেনী। ২-১৬১