পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বমেধ পৰ্ব মহাজন সম্ভৱ দেখিয়ে হেন কৰি। প্ৰধান পুৰুষ দুইকো চিনিতে নপাৰি॥ মায়াবলে দুই শিশু ধৰিবে৷ আপুনে। এহিবুলি কপিৰাজ প্ৰবেশিলা ৰণে॥ ৩৩৫৪২ শুনিয়৷ হৰিষ ভৈলা কমললোচনে। নয়নে আনন্দ দেখি শিশুৰ বদনে॥ জাম্প দিয়৷ কপীন্দ্ৰ উঠিলা গিৰি শৃঙ্গে। পৰ্ববত তুলিয়৷ মাৰে শিশু ছুইৰ অঙ্গে॥৩৩৫৪৩ দেখিয়া পৰ্ব্বতগোট এৰি তীক্ষ্নবাণ। দুই ভাই গিৰিগোট কৰি খান খান॥ শাল বৃক্ষ উপাৰিয়৷ হানে বায়ুবেগে। তিনি শৰে কুশে তাক কাটিলন্ত আগে॥৩৩৫৪৪ গাছ গিৰি বৰিষয় কৰে সিংহনাদ। কুশে-লৱে কাটিলন্ত কৰি অৱসাদ॥ মৰ্ম্মস্থানে হানিলেক অৰ্দ্ধচন্দ্ৰ শৰে। বজ্ৰৱত প্ৰহাৰি পাৰিলা কপীশ্বৰে॥ ৩৩৫৪৫ হৃদয়ত পৰি বাণ পিলেঞ্চ শোণিত। ধৰণীত পৰি ৰাজ৷ ভৈলেক মূৰ্চিৰ্চ্ছত। বজ্ৰঘাৱে ভাঙ্গে যেন সুমেক শিখৰ। ধাৰে তেজ বহে তলু ধূলায়ে ধূমৰ॥ ৩৩৫৪৬ সুগ্ৰীৱ পৰিল দেখি ধাইলন্ত অঙ্গদ। কপিবীৰে তলুবৰ ঘোৰ বিশাৰদ॥ সিংহনাদ কৰিয়| কৰয় শিলাবৃষ্টি। বায়ুবেগে অঙ্গদ যে অন্তৰীক্ষে উঠি॥ ৩৩৫৪৭ কুশ-লৱে বজ্ৰবাণে শিলা বৃক্ষ কাটে। তিনি বাণে অঙ্গদৰ ভেদিল! ললাটে। কোপে বালিস্থত ধাইলা কুশ ধৰিবাৰ। যোজনৰ পথ বৃক্ষ উপাৰি সত্বৰ॥ ৩৩৫৪৮ আকাশে উৰিয়৷ বৃক্ষ আসয় জ্বৰিতে। অৰ্দ্ধচন্দ্ৰ বাণে কাটি পাৰে সীতাস্থতে॥ লৱ-কুশে পাঞ্চবাণ জুৰিলা ধনুকে। পাঞ্চবাণে ভেদিলেক অঙ্গদৰ বুকে॥ ৩৩৫৪৯ দৃঢ়তৰ প্ৰহাৰে পৰিল ভূমিতলে। কথিৰে ভিতিল ভঙ্গু ৰাণে অগ্নি জ্বলে॥ ২২৯ ধূলায়ে ধূসৰ তলু ভৈলা ৰিপৰীত। অশোক কিংশুক যেন ভৈলন্ত পুষ্পিত॥৩৩৫৫০ গৱাক্ষ জুপাক্ষ ৰূপাইক্ষ মহামতি। কুদ্বুদ তাৰক চলে নীল সেনাপতি॥ গৱয় গৱক্ষি চলে বীৰ অকম্পন। ধূম্ৰ ধূম্ৰাক্ষ দধিমুখ সুদৰ্শন॥ ৩৩৫৫১ সবে বীৰে একত্ৰে ধাইলেক কোপ কৰি। গাছ ৰক্ষ গিৰি হানে আগে বেধে ধৰি॥ যাৰ যেই সেনা লৈয়৷ আগযে ভৈলন্ত। ভালুকৰ সৈন্য লৈয়া ধাইল৷ জাম্পৰম্ভ॥ ৩৩৫৫২ কোটি কোটি বানৰ ৰাক্ষস ৰণ কৰে। পাথৰ পৰ্বত এৰে শিশুৰ উপৰে॥ দেখি লৱ-কুশ বীৰে ক্ৰোধিলা অপাৰ। ক্ৰোধ কৰি ধলু ধৰি কৰিল৷ হুঙ্কাৰ॥ ৩৩৫৫৩ অৰ্দ্ধচন্দ্ৰ কুলিসন্ধ শৰ প্ৰহাৰিয়া। বানৰৰ অস্ত্ৰযত কাটিয়া পেলাইলা | অন্ধকাৰ দূৰ ভৈল৷ প্ৰকাশিত ভানু। শৰ হানি ভেদিলেক বানৰৰ তলু। ৩৩৫৫৪ সেনাপতি যত সব উঠিলা আকাশে। শিশুৰ উপৰে বৃক্ষ পৰ্ব্বত বৰিষে। আকাশে পাতালে সবে লগাইল৷ আন্দোল। কৰ্ণপথে ঢাকিল মুগুনি মাতবোল॥ ৩৩৫৫৫ মেদিনী মণ্ডল কাষ্পে বানৰৰ তৰে। সিংহনাদ কৰি সবে প্ৰবেশ সমৰে॥ হুগ্ৰীৱ-অঙ্গদ দেখে গৈলা যমঘৰ। কৈক যাইবা সেনাগণ কহিয়ো সত্বৰ॥ ৩৩৫৫৬ সমৰে চতুৰ তুমি জানিলো নিশ্চয়। নৃপতিৰ মৰণে নপালা পৰিচয়॥ কুশৰ বচনে কোপে কপিৰ সমাজ। বোলে মুনিপুত্ৰ দুইৰে৷ কৰিৰে৷ অকাজ। ৩৩৫৫৭ এহিবুলি শৰবৃষ্টি কৰিলা বানৰ। লৱ-কুশে এৰিলেক লক্ষ লক্ষ শৰ। দশ বাণে জাম্বৱন্ত পৰিলা গ্ৰহীত। কুৰি বাণে নল নীল ভৈলন্ত মূৰ্ছিত॥ ৩৩৫৫৮