পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব উত্তম ব্ৰাহ্মণে নিয়৷ শিৰত চড়াইল। যেন স্বৰ্গৰম্ভ৷ ভূমিভাগে নামি আইল সম্পুৰ্ণ তৈজস দিল সুগন্ধ যে ধূপ। হুগন্ধ প্ৰদীপ নিবেদিল অনুৰূপ॥ ২০০৭৮ মঙ্গল আচৰি নাৰীগণে খেড়ি গাৱে। দ্বিজে বেদ পঢ়ে নটে মৃদঙ্গ বজাৱে। মন্ত্ৰে সমে পথালিল চৰণ যুগল। শিৰে অভিষেক কৰি দিল নিয়া জল॥ ২০০৭৯ দশ যে সহস্ৰ কন্যাগণ আগে পাচে। পঢ়ি বেদমন্ত্ৰ সম্প্ৰদান ভৈল পাচে॥ বিশ্বকৰ্ম্মে নিৰ্ম্মিল সুবৰ্ণ যেই গই। নাৰায়ণ পুতলাক উপৰত এই। ২০০৮০ কামদেৱ পাশে ৰতি কন্যাক লিখিল। হুৱৰ্ণৰ চক৷ বান্ধি দশোদিশে দিল | পখালিল বাস৷ ঘৰ মেলিল দুৱাৰ। দধি লাগি পঢ়িলেক জয় যে জোকাৰ॥২০০৮১ নাচে গাৱে প্ৰজাসৱে কৰে বহু ৰোল। পঞ্চশব্দ বাদ্যভণ্ড বজাৱে আন্দোল॥ যাত্ৰা সুমঙ্গল কৰি হুসম্ভূত ভৈলা। সুৱৰ্ণৰ বেই নিৰ্ম্মি অভ্যন্তৰে গৈল৷॥ ২০০৮২ দেৱ অপেশ্বৰা কন্য৷ মিলিল সকল। সুৱৰ্ণৰ কলসে মাথাত ঢালি জল॥ কৃষ্ণ বলভদ্ৰ দুই গৈলন্ত তথায়। সিদ্ধ মুনি গন্ধৰ্ব্বে কৰিল৷ জয় জয়॥ ২০০৮৩ হোমকৰ্ত্তা ব্ৰাহ্মণে অগ্নিত ঘৃত দিল। দেৱগণ পূজি গুৰু ব্ৰাহ্মণে বৰিল॥ পদ্ধতি পূৰ্ব্বকে বসিলন্ত দ্বিজবৰ্গ। কৰ্ম্ম শেষে দ্বিজগণে মিলি দিল অৰ্ঘ্য। ২০০৪ জয়বাদ্য বাজে নটে ভাটে কৰে স্তুতি। দ্বিজসবে কৰিলা হোমৰ সমাপতি॥ ১৭১ ইতি বিৰাট পৰ্ব্ব সমাপ্ত www.c ১৬৬১ হোম অৱসানে পাচে কৰি বহুমান। দ্বিজ থৈৱজ্ঞক ধৰ্ম্মে দিল৷ ৰত্নদান॥ ২০০৮৫ গায়নে গাৱয় বহু ৰূপে ধৰে বেশ। মৃদঙ্গ মুঞ্জ নটে বাৱয় আশেষ॥ চপৰ পঢ়য় নটে ভাটে কৰে স্তুতি। বিৰাট নগৰে ভৈল ছতি অভাৱতী। ২০০৮৬ সমাজ হুগন্ধ ভৈল হৰিদ্ৰাৰ বোল। নাচে গাৱে প্ৰজাসবে কৰে বহু ৰোল॥ কণা খোৰা কুঞ্জ৷ যে ৰুগীয়া দুখী জন। সবাহাঙ্কে ধৰ্ম্মে দিল বসন ৰতন॥ ২০০৮৭ বেদ পঢ়ি দ্বিজগণে দিলন্ত আশীষ। জীয়া অভিমন্যু শত সহস্ৰ বৰিষ॥ হেন বুলি দ্বিজগণ চাপিল সন্নিত। দিয়োক ভোজনী যেন হোৱয় বিহিত৷ ২০০৮ যেৱে ভোজ্য বস্তু পাইলা ব্ৰাহ্মণ সমাজ। তেৱে গৈলা দ্বিজগণ আপুনাৰ ৰাজ অভিমন্যু কুমাৰৰ বিয়া সমাপতি। শুন ভণস্তাৰ হৌক পৰম মুকুতি॥ ২০০৮৯ বিৰাটৰ কথা এবে ৰৈলা এহিমানে। এত হস্তে নৃপগণ গৈলা থানে থানে॥ কনকে মণ্ডিত যেন জ্বলয় যে সৃষ্টি। দেৱৰাজে ৰঙ্গে কৰিলন্ত পুষ্পবৃষ্টি। ২০০৯০ দ্বাৰকাৰ কুমাৰক ৰাজাৱে আনিল। ৰঙ্গেঢঙ্গে বিৰাটে কন্যাক দান দিল | বিধিয়ে নিৰ্ম্মিত মতে কৈলে কন্যাদান। যুধিষ্ঠিৰ ৰাজা ভৈলা তথাতে প্ৰধান॥ ২০০৯১ বোলস্ত কংসাৰি সবে এৰা আন মন। একচিত্ত মনে কৰা ভাৰত প্ৰৱণ॥ সংসাৰত যত পুণ্য নাহি আঙ্ক সৰি। পাতেক ছাৰোক ডাকি বোলা হৰি হৰি॥২০০৯২