পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শদিয়াৰ
সন্ধিৰ
৩১৪

যায়। এই স্থলত লোৱৰ গুৰি-কৰাই গালে গালে চোবাই খায় বোলা হৈছে। এতেকে,—বিপৰীত টান কাৰ্য্য কৰা, to perform a Herculean task.

⸺⸻

শ।


শদিয়াৰ পৰা ধুবুৰীলৈ—ক্ৰি-বিণ, শদিয়া আসামৰ পূবৰ সীমা আৰু ধুবুৰী আসামৰ পছিমৰ সীমা। এতেকে,—ইমূৰৰপৰা সিমূৰলৈ, বহু দূৰ পৰ্য্যন্ত, from one end to the other, far and wide.

শলালৰ শিল—বিং, আহোম ৰজাৰ দিনত শলালৰ গোঁহাই অতি ক্ষমতাশালী বিষয়া আছিল। ডাঙ্গৰ অপৰাধীক তেওঁ শিলেৰে খুন্দিছিল। এতেকে;—উগ্ৰ দণ্ড, a severe punishment.

শুকান জেওৰাৰ ৰস উলিওৱা—ক্ৰি, (শুকান = নিৰস। ) গছৰ ৰস আৰু মানুহৰ ধন-সম্পত্তি দুয়ো একে, এনে ভাব বুজোৱা হৈছে। এতেকে,— নিৰস বিষয়কো ৰসাল কৰা , অসমৰ্থ মানুহৰপৰা কোনোমতে ধন- বিত আদায় কৰা, to arouse interest even in the driest subject; to extort money from a person who can ill afford to spare anything.

⸻ ⸻

স।


সন্ধিৰ বাঁহ বুদ্ধিৰে উলিওৱা— ক্ৰি, জোপাৰ ভিতৰৰ কোনো বাঁহ সন্ধিত থাকিলে তাক কাটি গাৰ বলেৰে টানি উলিয়াই আনিব পৰা নাযায়। এই স্থলত কোৱা হৈছে, যে তেনে বাঁহ বুদ্ধিৰ দ্বাৰা মাথোন উলিয়াব পৰা