পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভোজৰ
মঠ
৩০৮

ভ।

ভোজৰ আগ, মেলৰ পিচ—বিণ, ভোজত মানী সকল আগ শাৰীত বহে। তেওঁ- বিলাকে আনবিলাকতকৈ কিছু বেছি পৰিমাণে আদৰ পায়। মেলত কথকীসকল আগত বহে। তেওঁবিলাকে মেলৰ বিষয়টো ভালৰূপে আলোচনা কৰে। যিবিলাক তৰ্ক-পটু নহয়, সেইবিলাকে মনে মনে পিচত বহি থাকে। এই স্থলত কোনো মানুহৰ সম্পৰ্কে কোৱা হৈছে, যে তেওঁ ভোজৰ আগ কিন্তু মেলৰ পিচ। এতেকে,—খোৱাত পাৰ্গত কিন্তু কামত অপটু, prompt in dinner but slow i work.

ভোদৰ কচু—বিং, [ ভোদা কচু ] ভোদা অৰ্থাৎ চোক নাইকিয়া কচু অৰ্থাৎ কচু- পৰিপুষ্ট সন্তান। অসমীয়া প্ৰসূতীয়ে প্ৰসৱৰ পাচত কচুৰ জাল খায়। সাধাৰণৰ মাজত এনে বিশ্বাস আছে যে এই কচু যিমান চোকা হয়, সন্তান সিমান চোকা হয়। এতেক,—ভোদা লাগি থকা লৰচৰ কৰিব নোখোজা মানুহ, a sluggard.

⸻⸻

ম।


মইনা মাত উলিওৱা—ক্ৰি, মইনা চৰাইৰ মাত শুৱলা। এই স্থলত ব্যঙ্গাৰ্থত ব্যৱহৃত হৈছে। এতেকে,—গালি-শপনিৰ ভাষা প্ৰয়োগ কৰা, টান মাত উচ্চাৰণ কৰা, to use rude and offensive language.

মইবৰ মানুহ— বিং মই নিজে বৰ আৰু আনবিলাক সৰু এনে ভাব কৰা মানুহ, অহংকাৰী মানুহ, a self-assertive person, a presumptuous person, a vainglory.

মইমত—বিং ‘মই’ ভাবৰ মত, অহংকাৰ, presumption, haughtiness.

মঠ ধৰা—ক্ৰি, [ মুৰ্ত্তি ধৰা ] মূৰ্ত্তি বা প্ৰতিমা একে ঠৰে থাকে, লৰ-চৰ নকৰে। মানুহে ঠেহ পাতিলেও লৰ-চৰ নকৰাকৈ একে ঠাইতে থিয় দি থাকে।