পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাতে-পাতে
হাতীয়ে
২৮৭

ভাত নিদিয়াকৈ মাৰে বোলা হৈছে। এতেকে,—দেখা-শুনাকৈ নামাৰি নেদেখাকৈ কৌশলেৰে মৰা, বুজিব নোৱৰাকৈ ফিকিৰেৰে মৰা, to destroy indirectly by policy and not directly by physical force.

হাতে পাতে ধৰা—ক্ৰি, [ হাতে প্ৰতি ধৰা ] আটাইবিলাক মানুহে একেলগে মিলি-জুলি ধৰা, to work in no operation.

হাতে ভৰিয়ে ধৰা--ক্ৰি, কোনো মানুহে আন এজনৰ হাতে ভৰিয়ে ধৰে অৰ্থাৎ কেতিয়াবা তেওঁৰ হ'তত ধৰি দৃঢ়ভাৱে অনুৰোধ কৰে আৰু তাত ফল নহব বুলি আশঙ্কা কৰি তেওঁৰ ভৰিত ধৰি কাবৌ কৰে। এতেকে,—কাবৌ-কোকালি কৰা, কাকূতি-মিনতি কৰা, to beseech abjectly.

হাতে হাতে ধৰা—ক্ৰি [ হাতেৰে হাতত ধৰা ] চোৰে চুৰ কৰি থাকোঁতে গিৰিহঁতে মনে মনে গৈ হাতেৰে ফচ্-কৰে চোৰক ধৰি লয় বোলা হৈছে। এতেকে,—কোনো বেয়া কাম কৰি থকা অৱস্থাতে ধৰা পেলোৱা, to catch red handed.

হাতেৰে ৰুই ভৰিৰে মোহৰা— ক্ৰি, গছ পুলি হাতেৰে মাটিত ৰোৱা হয়। নষ্ট কৰিবলৈ হলে খঙ্গত ভৰিৰে মোহাৰি পেলোৱা হয়। নিজৰ শৰীৰৰ এটা অঙ্গেৰে ৰুই আন এটা অঙ্গেৰে তাক নষ্ট কৰে, এই ভাব বুজোৱা হৈছে। এতেকে,—নিজে পাতি নিজে ভঙ্গা, to make a thing and then to mar it.

হাতী-খাৱনেৰে খোৱা—ক্ৰি, হাতীয়ে অপৰিমিত আহাৰ কৰে। এতেকে, অপৰিমিত আহাৰ কৰ, to eat super-abundantly.

হাতী-পৰা দিয়া—ক্ৰি, হাতীৰ ৰোগ হলেও সি মানুহৰ নিচিনাকৈ নেশোৱে, থিয় অৱস্থাতে থাকে। যদি সি পৰে তেনেহলে আৰু উঠিব নোৱাৰে। কিছু দিন সেই অৱস্থাতে থাকি মৰি যায়। এতেকে,—সাংঘাতিক ৰোগত পৰা, to be confined to bed on account of an attack of fatal disease. হাতীয়ে ওডালৰ গুৰিত কন্দা—ক্ৰি, প্ৰবাদ আছে যে হাতীৰ বেজাৰ লাগিলে সি ওডাল গছৰ তলত গৈ কান্দে। ওডাল প্ৰকাণ্ড গছ, তাৰ ছালেৰে ফঁই বাটি হাতীক বন্ধা যায়। এতেকে,—উপায়হীন মানুহে