পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চূণৰ
চৈধ্য
৯৮

চূণৰ চৰুত হাত দি অহা—ক্ৰি, কন্যাকালৰ সময়ত এটা ঘিঁউৰ চৰু আৰু এটা চূণৰ চৰু দুটা পাতি ছোৱালীক যেই সেই এটা চৰুত হাত দিবলৈ কোৱা হয়। ঘিঁউৰ চৰুত হাত পৰিলে সৌভাগ্য আৰু চূণৰ চৰুত হাত পৰিলে দুৰ্ভাগ্য বুজায়। এতেকে—ভাগ্যহীন হোৱা, to come with a bad luck.

চেং-চেং ভক্‌-ভক্‌—বিং, জুইয়ে পুৰিলে গা চেং চেঙ্গায় আৰু ভক-ভকায়। সুন্দৰী তিৰোতাৰ সৌন্দৰ্য্য দেখিলেও কামাগ্নি উদিত হৈ শৰীৰৰ দাহভাব উপস্থিত হয়। এতেকে,—সুন্দৰী তিৰোতাৰ সৌন্দৰ্য্য, the elegance of woman.

চেনেহৰ চুমাই নাকটি ছিঙ্গা—ক্ৰি, (নাকটি =নাকৰ আগটি। ) চেনেহতে মুখত চুমা খোৱাৰ ভাৱেৰে নাকত কামোৰ মাৰি নাকৰ আগটি ছিঙ্গি দিয়ে বোলা হৈছে। এতেকে,—মিত্ৰৰ ভাও ধৰি শত্ৰুতাচৰণ কৰা, to do a hostile act under cover of friendship.

চেৰ-পেটী বেং—বিং, [ চেৰেলা-পেটী বেং] বেঙ্গৰ পেট সাধাৰণতে গেৰেলা। চুটি-চাপৰ মানুহক বেঙ্গেৰে তুলনা কৰি মানুহ জনৰ পেটটো চেৰেলা এই প্ৰভেদ দেখুওৱা হৈছে। এতেকে,—চেৰেলা চুটি- চাপৰ মানুহ, a thin short statured person.

চেৰেলী গাই—বিং, গাই চেৰেলী হলে দেখিবলৈ যেনে হয়, তিৰোতা চেৰেলী হলে দেখিবলৈ তেনে হয় বোলা হৈছে। এতেকে,—নিচলী তিৰোতা, a lean woman.

চেলকণা মাছ—বিং, চেলকণা নিচেই সৰু মাছ, অলপ পানীতে চেল-চেলাই ফুৰে। ইতৰ মানুহেও সামান্য ধন-বস্তু পালেই চেল-চেলাই ফুৰে। এতেকে,—সামান্য ধন-বস্তু পাই চেল-চেলাই ফুৰা ইতৰ মানুহ, an insignificant person making a display of his small asset on which he sets too much value.

চেলাপটি লোক—বিং, গাত চেলাপটি জোক লাগিলে বেগতে নেৰায়। এতেকে—কোন কাৰ্য্যত লেকেটীয়াকৈ লাগি থকা মানুহ, a tenacious person.

চৈধ্য চৰণ শিকা —ক্ৰি, [ চৈধ্য শৰণ শিকা ] চৈধ্য ভুবনত শৰণ লৈ শিকা, ডাঙ্গৰ শিক্ষা পোৱা অৰ্থাৎ মহা বিপদগ্ৰস্ত হোৱা, to be overtaken