পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাই
চুঙ্গাৰ
৯৬

আকাশৰ পোনলৈ চকু কৰি সাঁতোৰে। এতেকে চিত হৈ দিয়া সাঁতোৰ। swimming on one's back.

চিলাই থাপ মৰা—ক্ৰি, (চিলা = চিলনী। ) চিলনীয়ে অকস্মাৎ বস্তু থাপ মাৰি লৈ যায়। এতেকে,—গম ধৰিব নোৱৰাকৈ অকস্মাৎ কোনো বস্তু অপ- হৰণ কৰা, to rob one of a thing suddenly.

চিলাই নিয়া কোৱাই নিয়া—ক্ৰি, ( চিলা = চিলনী। কোৱ = কাউৰী। ) চিলনীয়ে আৰু কাউৰীয়ে গম নোপোৱাকৈ অকস্মাৎ আহি কোনো বস্তু থাপ মাৰি লৈ যায়। এতেকে,—অকস্মাৎ গম নোপোৱাকৈ আহি পৰৰ ধন-বস্তুঅপহৰণ কৰ, to appear suddenly and rob one of something.

চিলাত কৈ বাতৰি দিয়া—ক্ৰি, (চিলা =চিলনী। ) চিলনীৰ আগত বাতৰি কৈ পঠোৱা অৰ্থাৎ গুপ্তভাৱে বাতৰি পঠোৱা, to communicate a news secretly.

চিলিম ছিগা—ক্ৰি, ধপাত খাওঁতে ধোঁৱাখোৱা টানকৈ হুপিলে চিলিমৰ জুই বৰকৈ জ্বলে। চিলিমৰ পাগ টান নহলে চিলিমটো মাজতে ছিগি যায়। সেয়ে হলে ধপাত-খোৱাৰ উপায় নাহকিয়া হয়। এতেকে,—উপায়-ৰহিত হোৱা, to be helpless.

চুক-সুন্দৰী—বিং, ভেকুলী ঘৰৰ চুকত থাকে। এতেকে,—ঘৰৰ চাৰি বেৰৰ বাজলৈ নোলোৱা সুন্দৰী তিৰোতা। (ব্যাঙ্গাৰ্থ। ) an indoor beauty (used ironically).

চুকত থাকি বুকত কামোৰা—ক্ৰি, ঘৰৰ চুকত সাপ থাকে। সি কেতিয়াবা ৰাতি চল চাই আহি গিৰিহতৰ বুকত কামোৰে। এতেকে,—আশ্ৰয়- দাতাৰ অহিতাচৰণ কৰা, to serve one a bad turn ungrate- fully.

চুকৰ ভেকুলী—বিং, ভেকুলীয়ে ঘৰৰ চুকৰ কথাত বাজে আন কথা নাজানে। এতেকে,—অজ্ঞ মানুহ, an ignoramus one having abso- lutely no experience of the outside world.

চুঙ্গাৰ বাদুলি—বিং, বাদুলিয়ে চুঙ্গাৰ ঘোপত সোমাই থাকে। সি চুঙ্গাৰ ফোপত বাজে আন ঠাইৰ কথা একো নাজানে। এতেকে,—বাহিৰৰ কথা নজনা অৰ্থাৎ অনভিজ্ঞ মানুহ, one without the slightest