পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছিঙিব নোৱৰাৰ কাৰণেই সেই মৰম বা আকৰ্ষণেই বাপুদাক মৃত্যুৰ মুখলৈ লৈ গ’লনেকি?

 

হে ভগৱান অতীত পাহৰিব দিয়া

জীৱনত বহুত অঘাত পাইছোঁ। স্মৃতিৰ অন্তৰালত সেইবোৰ কথা ঢাকি থব খোজোঁ; কিন্তু সেই চৰম আঘাতৰ কথাবোৰ কিয় বাৰে বাৰে দিনে ৰাতিয়ে উভতি আহি মোক ভীষণ আঘাত দিয়ে? কিয়? জীৱনত যাকে বুজি উঠিছোঁ তেৱেঁই আঁতৰি যাব কিয়? তেওঁক দিয়া প্ৰতিশ্ৰুতি মই ৰক্ষা কৰিব নোৱাৰোঁ কিয়? বেদনাত মন কঁপি উঠাৰ বাহিৰে মোৰ কৰিবলৈকো একো নাথাকে। যিজনক মই জীৱনলৈ ঘূৰাই আনিবলৈ বিচাৰিছিলোঁ যিজনক মই বচাবলৈ চেষ্টা কৰিছিলোঁ, তেৱেঁই মৃত্যুৰে মোক নিজে বাচি থাকিবলৈ যুদ্ধত নমাব বুলি মই বুজা নাছিলোঁ। এৰা, পাহৰিব খুজিলেই সকলো কথাই পাহৰিব নোৱাৰি!

 যেতিয়াই দুখত মই ভাঙি গৈছোঁ, আদৰ্শৰ কাৰণে অবিৰাম সংগ্ৰাম কৰি ভাগৰি গৈছোঁ তেতিয়াই কৈছিল “Don’t be sentimental my boy”– মুকুট ভূঞাহঁতে মোক অনবৰত প্ৰেৰণা দিছে। জীৱনত জীয়াই থাকি সংগ্ৰাম কৰাৰ কথা কৈছে। বাপুদায়ো কৈছিল— “if you are

৫১