পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্ৰাণ্ডি খালে যে একো নহয় সেই কথা বিভিন্ন উদাহৰণ দি বুজাই থাকোঁতে নাটকখনত অমিতাভৰ মুখত এটা সংলাপ দিছিলোঁ— অমিতাভ: এই সাধাৰণ ব্ৰাণ্ডিকণলৈ তুমি ভয় কৰিছা? কিন্তু এসময়ত ইউৰোপত ‘আঁব্‌সাঁত’ বুলি এবিধ মদ আছিল; সেউজীয়া ৰঙৰ কাৰণে কিছুমানে ইয়াক ‘green Devil’ বুলিও কৈছিল। এই ‘Prohibited drink’ কোনে খাইছিল জানা? ভেনগোগ, পলগগাঁ ইত্যাদি বিখ্যাত শিল্পীসকলে। এবছৰলৈ এই মদ খালে মানুহজন হয় পাগল হয়— ডেলিৰিয়াম ট্ৰেমনস্‌ত মৃত্যু হয়; নহ’লে Suicide কৰে— বাপুদাই এই সংলাপটো পঢ়ি কিছুসময় বহি আছিল। মোৰ বহীৰ এটা পাতত লিখিছিল আৰু চাৰিওফালে লাইন দি দিছিল—

আঁবাসাঁত = green Devil = Prohibited drink— এইটো এবছৰ Continualy খালে হয় মানুহজন পাগল হ’ব, নহ’লে Suicide কৰিব।

মানৱ জীৱনৰ বিচিত্ৰ ভাব চিন্তা আৰু কাৰ্য্যবোৰ চিত্ৰিত কৰাই আমাৰ কাম; কিন্তু চৰিত্ৰৰ অনুসন্ধানত যাওঁতে দেখিছিলোঁ অসমীয়া মানুহ মানুহৰ ব্যক্তিত্বৰ প্ৰতি যেন উদাসীন। অলপ বেলেগ আচাৰ ব্যবহাৰ আৰু বেলেগ ব্যক্তিত্বৰ মানুহক আমি
৪২