পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাখিবা “…with you I am happy: I wake up with you and I go to sleep with you. I do not know anything else. I love you, you must love me— beloved! you must love me… otherwise I am lost…” মই মনত ৰাখিছিলোঁ। এই গহীন গম্ভীৰ মানুহজনৰ ভিতৰত থকা প্ৰেমৰ অনুভূতি দেখা পাই ভাল লাগিছিল। সেই কিতাপ খন পঢ়োঁতে তেওঁ চিন দি থোৱা বাক্য কেইটামান পাই মই লিখি ৰাখিছিলোঁ। তাৰে এটা বাক্য “…Strange that one can die— when one loves” আন এঠাইত “you have made me live. I was nothing but stone, you have made me live—”

 

দহন আৰু হৃদয়হীনা নাৰীৰ প্ৰতাৰণা

 তচদ্দুক ইউছুফে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ চুটি গল্প বৰ ভাল পাইছিল। মই ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘বালিভোজ’ নামৰ চুটিগল্পটোৰ অবলম্বনত ‘দহন’ নামেৰে এখন পূৰ্ণাংগ নাটক লিখিছিলোঁ। নাটকখন বাপুদাক পঢ়ি চাবলৈ দিছিলোঁ। নাটকখন পঢ়ি তেওঁ বৰ ভাল পাইছিল বুলি কৈছিল। তেখেতৰ এই নাটকত অভিনয় আৰু পৰিচালনা

৩৯