কিন্তু নিজে পৰাজয় বৰণ কৰি ন’ললে পৰাজিত কৰিব নোৱাৰি…”
শ্ৰীপবিত্ৰকুমাৰ ডেকা (ৰূপকাৰ), শ্ৰীসদানন্দ শৰ্মা, শ্ৰীজ্ঞানদা বৰা আৰু মঃ কামাল আদিয়ে এই নাটকত অভিনয় কৰিছিল। নাটকখনে প্ৰথমে সদৌ নগাওঁ একাংক নাট প্ৰতিযোগিতাত আন বহুতো পুৰস্কাৰৰ লগতে শ্ৰেষ্ঠ দল আৰু শ্ৰেষ্ঠ নাটক ৰূপে পুৰস্কাৰ পাইছিল।
পিচদিনা ৰাতিপুৱা ৰিক্সা এখনত বাপুদা আহি আমাৰ ঘৰ পালেহি। মোক কৈছিল “তোমাৰ নাটকখন এখন শ্ৰেষ্ঠ নাটক হৈছে। তোমাৰ গতিশীল সংলাপৰ ভিতৰতে এটা সংলাপ মই বৰ ভাল পাইছোঁ। ঠিক কথা আশা নকৰাটো পাপ।” মই কৈছিলোঁ, “ভাবটো মই আৰ্নেষ্ট হেমিংওৱেৰ পৰা পাইছোঁ।” এনে এজন মহৎ শিল্পীয়ে মোক তেনেকৈ কোৱাত মই লিখিবলৈ প্ৰেৰণা পাইছিলোঁ।
সেই প্ৰতিযোগিতাৰ বিভিন্ন বিচাৰক মণ্ডলীৰ
ভিতৰত তেখেতো এজন আছিল। ইয়াৰ পিচত
তেখেতে যথেষ্ট কষ্ট কৰি নাটকখন পৰিচালনা কৰি
গুৱাহাটীত হোৱা সদৌ অসম একাংক নাট প্ৰতিযোগিতালৈ
নিজে লৈ গৈছিল। এই নাটকে
গুৱাহাটীত প্ৰচুৰ অভিনন্দন লাভ কৰিব পাৰিছিল।
৩৬