পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুন্দৰ ডেকা বায়ৰণৰ শেষ ইচ্ছা আছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ খঞ্জ ভৰিটো যেন আনে নেদেখাকৈ ঢাকি ৰাখিয়েই কবৰ দিয়া হয়।…… আৰু মোৰো এটা ইচ্ছা আছে বকুল। অলপ সময় ৰৈ আকৌ ছিগাৰেট খাব ধৰিছিল। কিন্তু একো নোকোৱাকৈ বৰ গহীনভাবে ৰৈ কৈছিল— “মোৰ মৃত্যুৰ পাচত মোৰ চকু দুটা যাতে ঢাকি ৰখা হয়।……” মই আচৰিত হৈ এটা প্ৰশ্নৰ ভাবেৰে চাইছিলোঁ। ‘অসম্ভব আত্ম-সচেতন এই শিল্পী গৰাকীৰ ব্যথাতুৰ অন্তৰৰ কথাখিনি মই বুজি পাইছিলোঁ।

 তেওঁৰ এটা চকু কিন্তু ঢাকি দিব লগা নহ’ল। কাৰণ তেওঁৰ চকু নিজেই জাপ খাই তেতিয়া চিৰ নিদ্ৰাত আছিল।

 

আশা নকৰাটো পাপ

১৯৬১ চনৰ ১৫ ছেপ্টেম্বৰ মোৰ কাৰণে এটা উল্লেখযোগ্য দিন। কপিলী নৈত বান আৰু ‘খৰ’ বতৰৰ লগত কপিলীপাৰৰ ৰাইজৰ সংগ্ৰামক লৈ ‘মৰ সুঁতিৰ জীয়া সাকোঁ’ নামেৰে এখন একাংক নাটক লিখিছিলোঁ। নাটকখনত গাঁৱে গাঁৱে আশাৰ বাণী দি ফুৰা ঔপন্যাসিক কাঞ্চন নামৰ চৰিত্ৰটিৰ মুখত এটা সংলাপ দিছিলোঁ “আশা নকৰাটো পাপ।… মানুহক ধ্বংস কৰিব পাৰি, হত্যা কৰিব পাৰি

৩৫