পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৈছিলোঁ। কাৰণ আমি গতিশীল জীৱনৰ বিভিন্ন চৰিত্ৰক গভিৰভাবে লক্ষ্য কৰোঁ সৃষ্টিৰ সমল হিচাবে। সেইকাৰণেই আমি প্ৰায়েই বিশেষ বিশেষজনক (চৰিত্ৰ ৰূপে) ওচৰৰ পৰা নিৰীক্ষণ কৰিবলগীয়া হয়। বাপুদাদাৰ লগত কৰা আলোচনা বিলাকৰ মাজেৰে বাহিৰে বুজিব নোৱাৰা ‘তচদ্দুক ইউছুফ’ৰ শিল্পী মনৰ ব্যথাতুৰ হিয়াখনৰ কিছুকথা মই বুজি পাইছিলোঁ।

 

মৃত্যুৰ পাচত মোৰ চকু দুটা ঢাকি থবা

 অদম্য উৎসাহী আৰু কিছু আত্মাভিমানী বুলি মানুহে ভবা শিল্পী তচদ্দুক ইউছুফে এদিন মোক তেওঁৰ নিদাৰুণ ব্যথাৰ কথা এটা দিয়াত মই নিৰ্বাক হৈ গৈছিলোঁ। তেওঁ প্ৰায়েই মোক সুবোধ ঘোষৰ ‘চোখ গেল’ নামৰ গল্পটোক পূৰ্ণাংগ নাট্যৰূপ দিয়াৰ কথা কৈ থাকে। ‘চোখ গেল’ হৈছে এজন সুন্দৰ কান্তিৰ কিন্তু অন্ধ ডেকাৰ প্ৰণয়ৰ কাহিনী। সেইদিনা আছিল ১৯৮২ চনৰ জুলাই মাহৰ ৮ তাৰিখ। সেইদিনা বাপুদা সুস্থিৰ অৱস্থাত যেন নাছিল; মানসিক ভাৰসাম্য যেন কিছু হেৰুৱাই পেলাইছিল। ‘চোখ গেল’ৰ কথা আলোচনা কৰি থাকোঁতে হঠাৎ লৰ্ড বায়ৰণৰ কথা ওলায়ছিল। তেওঁ কৈছিল— “আজন্ম খঞ্জ
৩৪