পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে
তচদ্দুক গ’লগৈ

ডা॰ নগেন দত্ত

 

 মানুহ আৰু মানুহৰ আবেগৰ সূক্ষ্মমূহূৰ্ত একোটা বিচাৰি তাৰেই চেলুলয়ডত নকল কৰিব খোজা এজন পৰিচালকৰ মতে— “The world represented in the screen is a new creation— but just the copy of reality.” এই কথাৰ সুৰতে মানুহজনৰ মুখত বাৰে বাৰে কেবাবাৰো একাষাৰ কথা শুনিছিলোঁ— “দত্ত, আইভৰ মণ্টাজে কি কয় জানে? Reality is not to be so easily caught.” সেইজন আছিল অসমীয়া চলচিত্ৰ জগতত সুপৰিচিত— তচদ্দুক ইউছুফ।

 মনত পৰে তাৰ পাছৰ এটা বিশেষ দিন— মাৰ্চ মাহৰ চৌবিছ তাৰিখ, উনৈছ শ উনাশী চনৰ, কলঙৰ পাৰত মোৰ বাসভৱনত।— “দত্ত, অভিনয়