পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিবলৈ মই তেখেতৰপৰাই শিকিলোঁ। কহিনুৰৰ ‘ক্লিওপেট্ৰা'ৰ কলা নিৰ্দেশনাৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰোঁতে তেখেতৰ কথাই মনত পৰিছিল আৰু তেখেতৰ নাটকৰপৰা পোৱা অভিজ্ঞতাক মূলধন হিচাপে লৈ মই পাঠশালালৈ ৰাওনা হৈছিলোঁ। ‘ক্লিওপেট্ৰা’ৰ সফলতাত মোৰ সামান্য অৰিহনাই যদি সহায় কৰে, মই তচদ্দুকদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ম। 'একাগ্ৰতাৰে কৰা কাম কেতিয়াও নিস্ফল নহয়— তেখেতৰ এই কথাষাৰে মোৰ মনলৈ দৃঢ়তা আনে। চেষ্টাত কাৰ্পন্যতা দূৰ হয়। বাহুল্য বৰ্জিত শিল্পকৰ্মক তেখেতে শ্ৰদ্ধা কৰিছিল। তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ।