ৰোমিৱ-জুলিয়েট
ভেৰোণা নগৰৰ ধনে-মানে প্ৰসিদ্ধ দুটা পৰিয়ালৰ এটাৰ নাম আছিল কেপুলেট্ আৰু ইটোৰ নাম আছিল মণ্টেগ্। এই পৰিয়াল দুটাৰ ভিতৰত বহুত দিনৰেপৰা এখন কাজিয়া চলি আহিছিল। এই কাজিয়া ইমানদূৰ পাইছিলগৈ আৰু তেওঁলোকৰ মাজত শত্ৰুতা ইমান বাঢ়িছিল যে দুয়ো পক্ষৰ দূৰসম্পৰ্কীয় বন্ধু-বান্ধৱ—আন কি চাকৰ-নাকৰকো ই চুই- ছিলগৈ। এঘৰৰ চাকৰৰ লগত ইঘৰৰ চাকৰৰ বাটত দেখা- দেখি হলেও গলিয়া-গলি, হাই-কাজিয়া বা ৰক্তা-ৰক্তি এটা ঘটনা নোহোৱাকৈ নগৈছিল। এনেকুৱা একোটা ঘটনাই শান্তিপূৰ্ণ ভেৰোণা নগৰ প্ৰায়েই শান্তিভঙ্গ কৰিছিল।
কেপুলেট্ পৰিয়ালৰ গিৰিহঁত বুঢ়া লৰ্ড কেপুলেটে এদিন এটা ডাঙৰ ভোজৰ আয়োজন কৰি তালৈ বহুতো সম্ভ্ৰান্ত ভদ্ৰমহিলা আৰু গণ্য-মান্য ভদ্ৰলোকক নিমন্ত্ৰণ কৰিলে। ভেৰোণা নগৰৰ প্ৰায় সকলোবিলাক ৰূপৱতী গাভৰু এই ভোজত উপস্থিত আছিল। মন্টেগ্ পৰিয়ালৰ নহলে, সেই ভোজলৈ যোৱা সকলোকে সাদৰেৰে অভ্যৰ্থনা কৰা হৈছিল। এই ভোজত বুঢ়া লৰ্ড মণ্টেগৰ পুতেক ৰোমিৱৰ প্ৰেমিকা ৰজেলিন উপস্থিত আছিল। যদিও মণ্টেগ্ পৰিয়ালৰ