সমললৈ যাওক

পৃষ্ঠা:ৰোমিৱ-জুলিয়েট.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰোমিৱ-জুলিয়েট

শত্ৰুতা সকলো কবৰ দিলে। দুয়োজন বুঢ়া লর্ডে তেতিয়া যেন নিজৰ জীয়েক-পুতেকৰ বিয়াৰ বাবেহে ভাই ভাই বুলি আলিঙ্গন কৰিলে। তেতিয়া বুঢ়া লৰ্ড মণ্টেগে সকলোৰে সম্মুখত প্রতিজ্ঞা কৰিলে যে তেওঁ অতুল ঐশ্বৰ্য্যৰ বিনিময়ত তেওঁৰ বোৱাৰীয়েক জুলিয়েটৰ নাম চিৰস্মৰণীয় কৰিবলৈ এনে এটা সোণৰ প্রতিমূৰ্ত্তি গঢ়ি ৰাখিব--যাৰ নিচিনা কাৰুকাৰ্য্য ভেৰোণাৰ ৰাইজে কেতিয়াও দেখা নাই। জৰ্জ কেপুলেটেও, তেওঁৰ সমস্ত সম্পত্তিৰ বিনিময়ত তেওঁৰ জোৱায়েক ৰোমিৱৰ অবিকল তেনেকুৱা এট! প্ৰতিমূৰ্ত্তি জুলিয়েটৰ ওচৰতে গঢ়ি ৰে৷মিৱ-জুলিয়েটৰ প্ৰণয়ৰ চিন চিৰকাললৈ অক্ষুন্ন ৰাখিব।


অন্ত