কেনেকৈ বেলি হল—ইয়ালৈকে কৈ আৰু সাধুৱে কব নোৱাৰিলে। ইয়াকে মাথোঁ কলে যে উদ্ধাৰ কৰিবলৈ তালৈ আহি ৰোমিৱ আৰু কাউণ্ট পেৰীক তাত সেই অৱস্থাত পৰি থক! দেখা পাইছে। কাউন্ট পেৰীৰ চাকৰটোৱে, যি সেই যুদ্ধ হোৱা দেখিছিল —যিমানখিনি জানে, কলে। বাকী জানিবলগীয়া সকলো কথা মণ্টুৱাৰ পৰা অহ! ৰোমিৱৰ চাকৰটোৰে কলে। ইয়াৰ হাততে ৰোমিৱই মৰিম বুলি স্থিৰ কৰিয়েই বাপেক লৰ্ড মণ্টেগলৈ জুলিয়েটৰ লগত সাধুৰ সাহায্যত হোৱা বিয়া আদিৰ কথা আক অন্যান্য সকলো দোষৰ বাবে ক্ষমা ভিক্ষা কৰি এখনি চিঠি লেখি দিছিল। সেই চিঠি তেওঁৰ মৃত্যুৰ পিছত হে দিবৰ হুকুম আছিল। সেই চিঠিত বিহ কিনি অনাৰ কথা আৰু জুলিয়েটৰ সমাধি মহলত যে তেওঁ মৰিবলৈহে আহিছিল তাৰ উল্লেখ আছিল। এই বিলাক প্ৰমাণে সাধুৰ ওচৰত এই হত্যা বিলাকৰ বাবে অলপমানো দোষৰ ছাঁয়া নেপেলালে আৰু তেওঁৰ যে কোনো কু মৎলৱ নাছিল, তাৰে বিশিষ্ট প্ৰমাণ পোৱ| গল।
তেতিয়া ৰজাই বুঢ়া লৰ্ড কেপুলেট আক মন্টেগৰ ফালে চাই তেওঁলোকৰ এনে নিষ্ঠুৰ শত্ৰুতাৰ বাবে ভৎসনা কৰিলে। আৰু কলে যে তেওঁলোকৰ সেই অস্বাভাৱিক আৰু অকিঞ্চিতকৰ ঘৃণাৰ বাবে ঈশ্বৰে তেওঁলোকৰ ওপৰত এনে কঠোৰ শান্তি বিধান কৰিছে। আদি পুত্ৰ-কন্যাৰ জীৱনৰ বিনিময়ত তেওঁলোকৰ কবৰতে দুয়ো পক্ষৰ দীৰ্ঘকালৰ বাদ-বিসম্বাদ, ঘৃণা,