সেই ঠাই ওলালহি। কাউন্ট পেৰীৰ এজন ভৃত্য তেওঁৰে ৰোমিৱৰে মাজত হোৱা যুদ্ধখন মনে মনে দেখি আহিল। সিয়েই গৈ সেই ঘটনাৰ কথা চিঞৰি চিঞৰি মানুহক জনাই দিলেগৈ। পেৰী! ৰোমিৱ! জুলিয়েট! ইয়াকে মাথোঁ সি চিঞৰ চিঞৰি কবলৈ ধৰিলে। মানুহবিলাকে দুজন এজনকৈ সাৰ পাই কি হল বিস্তাৰিত ভাৱে কথাটো জানিবলৈ সোধাসুধি কৰিবলৈ ধৰিলে। লাহে লাহে কথা গৈ লৰ্ড কেপুলেট আৰু মণ্টেগৰ কাণত পৰিলগৈ! যুৱৰাজেও এই কথাৰ ভু পাই শয্যা এৰি ঘটন৷টো কি জানিবলৈ উৎসুক হল।
সাধু লৰেঞ্চে কান্দি কান্দি কঁপি-জপি পলাই আহোঁতে এজন ৰখীয়াৰ চকুত পৰিল। তেওঁৰ সন্দেহজনক আচৰণ দেখি ৰখীয়াটোৱে তেওঁক ধৰিলে। লাহে লাহে সেই শ্মশান ভূমি মানুহৰে ভৰি পৰিল। লৰ্ড কেপুলেট, লৰ্ড মণ্টেগ আৰু যুৱৰাজ নিজেও সেই সমাধিস্থানত উপস্থিত হলহি। তেতিয়া যৱৰাজে লৰেঞ্চক সেই ঘটনা সম্বন্ধে কি জানে কবলৈ আজ্ঞা দিলে। সাধুৰেও যথাযথ বৰ্ণনা কৰি গল।
ৰোমিৱ আক জুলিয়েটৰ প্ৰথম প্ৰণয়ৰ কথা; তাৰ পিছত বিবাহ কেনেকৈ তেওঁৰ সাহায্যতে সেই বিবাহ সংঘটিত হল; তাত পৰি থকা ৰোমিৱ যে জুলিয়েটৰ স্বামী আৰু জুলিয়েট যে ৰোমিৱৰ ধৰ্ম্মপত্নী; তাৰ পিছত পেৰীৰ লগত বিবাহৰ বন্দবস্ত ভাঙিবৰ সকলো বন্দৱন্ত; জুলিয়েটে সেই টোপনিৰ দৰব খোৱাৰ কথা; ৰোমিৱলৈ বাতৰি দিয়াৰ কথা আৰু দুতৰ