অহা নাই—সাধু লৰেঞ্চক চকু মেলিয়েই সুধিলে কিন্তু; সাধু লৰেঞ্চে ঠিক সেই সময়তে বাহিৰত মানুহৰ গোলমাল শুনি জুলিয়েটক তাৰ পৰা সোনকালে ওলাই গুচি আহিবলৈ কলে। ভয়ে ভয়ে লৰালৰিকৈ ইয়াকো জনালে যে কিবা এটা দৈৱ-বিড়ম্বনাত তেওঁলোকৰ সকলো উপায় নিষ্ফল হল। বাহিৰৰ গোলমাল আৰু ওচৰ চপা শুনি তাকে কৈ ভয়ত লৰেঞ্চে পলাবৰ উপক্ৰম কৰিলে; কিন্তু যেতিয়া জুলিয়েটে তেওঁৰ ওচৰতে ৰোমিৱৰ অসাৰ নিষ্পন্দ দেহ পৰি থকা দেখা পালে তেতিয়া তেওঁৰ মনৰ অৱস্থা কোনে চাই! ওচৰতে পৰি থকা বিহ পাত্ৰটো দেখি আৰু জুলিয়েটৰ বুজিবলৈ বাকী নাথাকিল যে ৰোমিৱই বিষ পান কৰি প্ৰাণ এৰিলে। সেই পাত্ৰটোত যদি আৰু এধানমানো বিহ থাকিলহেঁতেন! তেন্তে জুলিয়েটে তাকে পান কৰি তেওঁৰ প্ৰিয়তমৰ লগৰীয়া হল- হেঁতেন! পাত্ৰটো উবুৰিয়াই চালে তাত একো নাই! যদি ৰোমিৱৰ ওঁঠ দুটিত তেতিয়াও তীব্ৰ বিহৰ অলপমানো লাগি আছে। জুলিয়েটে সেই জঠৰ ওঁঠ দুটিত কত চুমা খালে। নাই, তাতো তেওঁলৈ অকণমান বিহ নাই। ইফালে শুনিলে মানুহৰ গোলমাল আৰু বাঢ়িল; তেওঁৰ নিচেই ওচৰ চপা যেন শুনিলে। তেতিয়া জুলিয়েটে তেওঁৰ কঁকালৰ চুৰী উলিয়াই আমূল নিজৰ বুকুত বহুৱাই দি তেওঁৰ ৰোমিৱৰ পথ অনুসৰণ কৰিলে।
ৰখীয়া-প্ৰহৰী আৰু অন্যান্য মানুহ-দুনুহ লাহে লাহে আহি