আহক নিয়কহি।” ৰোমিৱ সেই বেজৰ ঘৰ বিচাৰি গল। তাক আশাৰ অতীত দানেৰে সন্তুষ্ট কৰি অতি তীব্ৰ অলপ মান বিহ কিনি ললে। বেজটোৱে কৈছিল যে সাতোটা বলধৰ বল গাত থাকিলেও তাৰ অকণমানে মুহূৰ্ত্ততে শেষ কৰিব।
এই বিহখিনি লৈ ৰোমিৱই ভেৰোণালৈ ঘোঁৰা মেলিলে। তেওঁ ইয়াকে মনত স্থিৰ কৰিছিল যে কবৰৰ ভিতৰতো এবাৰ তেওঁৰ জুলিয়েটক চাব। চাই শেষ হলে, সেই বিহ খাই জুলিয়েটৰ ওচৰতে তেৱোঁ সমাধিস্থ হব। মাজনিশা তেওঁ ভেৰোণা পালেগৈ আৰু কেপুলেটবিলাকৰ সমাধিস্থল পালেগৈ। ৰোমিৱই লগত এটা চাকি আৰু এখন কোৰ লৈছিল। সেই সমাধিস্থল পাই জুলিয়েটৰ কবৰটো ভাঙিবলৈ আগ বাঢ়োতে হঠাৎ কোনে তেওঁক বাধা দিলে আৰু কলে—“নাচ মণ্টেগ্, জীৱনৰ মমতা কৰ যদি এনে নীচকামলৈ আগ নাবাঢ়িবি।”
কাউণ্ট পেৰীয়ে জুলিয়েটৰ কবৰত ফুল দিবলৈ আহি ৰোমিৱক দেখা পাই সেইদৰে কৈছিল। ৰোমিৱক তাত দেখা পাই কি কাৰণে তেওঁ তালৈ আহিছে একো ঠিক কৰিব নোৱাৰিলে। কেপুলেট আৰু মণ্টেগৰ শত্ৰুতাৰ কথা তেওঁ জানিছিল। সেই ৰাতি কেপুলেট পৰিয়ালৰ ওপৰত খঙৰ প্ৰতিশোধ লবলৈ, জুলিয়েটৰ মৃত দেহৰ অবমাননা কৰিবলৈ ৰোমিৱ তালৈ আহিছিল বুলি ভাবিলে। সেই কাৰণে খঙেৰে ৰোমিৱক বাধা দিলে আৰু ৰোমিৱ যে নিৰ্ব্বাসিত অপৰাধী তেওঁৰ পক্ষে ভেৰোণাত পদাৰ্পণ কৰাটো যে নীচ অপৰাধীৰ