কৰিবলৈ আহিছে; কিন্তু যেতিয়া তেওঁৰ আশাৰ অতীত, স্বপ্নৰ অগোচৰ সেই মৰ্ম্মান্তিক বাৰ্তা তেওঁৰ হৃদয়ৰ ৰাণী জুলিয়েটৰ মৃত্যুসংবাদ পালে—যেন তেওঁৰ মূৰৰ ওপৰত আকাশৰ শত- বজ্ৰ একেবাৰে আহি পৰিল। তেওঁৰ সেই সপোনৰ চুম্বনৰ কথা মনত পৰিল। তেওঁৰ চুম্বনতো জুলিয়েটে জীৱন ঘূৰাই পাবনে? যিটো অসম্ভৱ তাক আৰু ৰোমিৱই ধাৰণালৈ নানিলে; কিন্তু তেওঁ মনে মনে স্থিৰ কৰিলে যে তেওঁ ভেৰোণালৈ যাব। কৰৰত হলেও তেওঁৰ জুলিয়েটক এবাৰ চাবগৈ। এবাৰ সেই অসাৰ ওঁঠ দুটিত তেওঁৰ শেষ চুম্বন দিবগৈ। তেওঁ সেই মুহূৰ্ত্ততে তেওঁৰ ঘোঁৰা প্ৰস্তুত কৰিবলৈ আজ্ঞা দিলে। বিপদ কালত মানুহৰ ধৈৰ্য্যচ্যুতি হয়। ভাল- বেয়া বিচাৰৰ ক্ষমতা লুপ্ত হয়। বিপদ আৰু সঙ্গীন কৰা বিছুমান দুষ্ট বুদ্ধিতে মনত খেলিবলৈ ধৰে। ৰোমিৱৰো মনৰ অৱস্থা অবিকল সেইৰকম হল। তেওঁৰ তেতিয়া মনত পৰিল মণ্টুৱা নগৰৰ এটা আত নিঃকিন বেজৰ কথা। ৰোমিৱ এদিন ফুৰিবলৈ যাওঁতে এটা সৰু গলিৰ দাঁতিত ভগা-ছিগা আলমাৰি গোটাদিয়েকত তাৰ যথাসৰ্ব্বস্ব কেটামান দৰবৰ বটল চেদেলি-ভেদেলি হৈ থকা তেওঁৰ চকুত পৰিছিল। সি তাৰ দোকানৰ সন্মুখত হতাশ চিত্তে বহি এইদৰে কোৱা কথা- খিনি তেতিয়া তেওঁৰ মনত পৰিল। “মণ্টুৱা নগৰৰ আইনমতে বিহ বেচা যদিও প্ৰাণদণ্ড, তথাপিও এই হতভগীয়াই তালৈকে প্ৰস্তুত হৈ বেচিবলৈ ওলাইছে। বাৰেবাৰ প্ৰয়োজন থাকিলে,
পৃষ্ঠা:ৰোমিৱ-জুলিয়েট.pdf/৩১
অৱয়ব