সমললৈ যাওক

পৃষ্ঠা:ৰোমিৱ-জুলিয়েট.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
ৰোমিৱ-জুলিয়েট

সাধুৱেই যাজক হৈ পাতি দিছিল। লোকসমাজত তেওঁ নিন্দাৰ পাত্ৰ হব বুলি সাধুৱে কিজানি তেওঁক মাৰিবৰে ষড়যন্ত্ৰ কৰিছে! কিন্তু তেওঁ সাধুজনক ধৰ্ম্মভীৰু আৰু অকপত হৃদয়ৰ মানুহ বুলি জানে। সেই অমূলক সন্দেহে তেওঁৰ মনত ঠাই নাপালে। জুলিয়েটে আৰু ভাবিলে—যদি তেওঁ ৰোমিৱ অহাৰ পূৰ্ব্বেই সাৰ পাই! তেতিয়া সেই শ্মশানত নৰকঙ্কাল—মৃতকৰ প্ৰেতাদি ভীষণ ভীষণ প্ৰতিমূৰ্ত্তিবোৰ দেখি যদি ভয়ত আকৌ জ্ঞান হেৰুৱায়! প্ৰাণ ঘূৰাই পালেও যদি তেওঁ বলীয়া হয়! ইত্যাদি নানা আশঙ্কা তেওঁৰ মনলৈ আহিবলৈ ধৰিলে; কিন্তু ৰোমিৱৰ প্ৰতি বুকুভৰা ভালপোৱাই সেই সকলো সন্দেহ, সকলো আশঙ্কা উটুৱাই দিলে। জুলিয়েটে সেই দৰবৰ পাত্ৰটি হাতত লৈ মুহূৰ্ত্ততে খাই পেলালে। পিছ মুহূৰ্ত্ততে জুলিয়েটৰ শৰীৰ নিশ্চল নিষ্পন্দ প্ৰাণহীন হল।

 পিছদিনা ৰাতিপুৱা মাঙ্গলিক বাদ্য আদি বজাই জুলিয়েটৰ কোঠালিত সোমাই কাউণ্ট পেৰীয়ে কি দৃশ্য দেখিলে! জুলিয়েটৰ অসাৰ নিষ্পন্দ দেহ! কি নিদাৰুণ দৃশ্য! নিৰ্ম্মল আকাশ ধুমুহাৰ আগৰ কʼলা ডাৱৰেহে যেন ঢাকি পেলালে। অকল পেৰী কিয় গোটেই কেপুলেট পৰিয়ালত এটা হুলস্থুল পৰি গল। বিয়াৰ ধুমধাম কাঁহপৰি জীণ গল। লৰ্ড কেপুলেট আৰু লেডী কেপুলেটৰ কান্দোনৰ ৰোলে আকাশ বিদীৰ্ণ কৰিলে। জুলিয়েট যে তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁ- লোকৰ চকুৰ মণি—বুকুৰ কলিজা।