তুমি ৰোমিৱ হʼলা! কিয় তুমি ৰোমিৱ নাম লʼলা। ৰোমিৱ! যতে আছা শুনি যোৱা, ৰোমিৱ নাম পাহৰি পেলোৱা! পাহৰি যোৱা তুমি যে মণ্টেগ। যদি নোৱাৰা কোৱাঁ, কোৱাঁ, ৰোমিৱ! কোৱাঁ, তুমি মোক ভাল পোৱা আৰু চিৰকাল ভাল পাবা। যদি কোৱাঁ জীৰনে-মৰণে জুলিয়েট তোমাৰ, তেন্তে ৰোমিৱ! শুনা আহি! জুলিয়েট আজিৰ পৰা কেপুলেট নহয়!" ৰোমিৱই আৰু আত্ম সম্বৰণ কৰিব নোৱাৰিলে। সেই মূহুৰ্ততে তেওঁ চিঞৰি কʼলে, "ৰোমিৱ আৰু ৰোমিৱ নহয়—মাতা, যি নামেৰে ইচ্ছা সেই নামকে তুমি ৰোমিৱক দি লোৱা। ৰোমিৱ তোমাৰ!" মানুহৰ মাত শুনি জুলিয়েট প্ৰথমতে চমকি উঠিল। যদিও ৰোমিৱৰ মুখৰ মাত তেওঁ সেই ৰাতি মাথোন শুনিছিল তথাপিও দ্বিতীয় মাততে চিনি পালে। জুলিয়েটে ৰোমিৱই দেৱাল পাৰ হৈ আহি কি বিপদজনক কাম কৰিছে তাৰ কথা কলে। ৰোমিৱ মণ্টেগ পৰিয়ালৰ মানুহ আৰু তেওঁক তাত দেখা পালে যে তেওঁৰ মৃত্যু নিশ্চয় তাকো কʼলে। ৰোমিৱই উত্তৰ দিলে, "হায় জুলিয়েট! ৰোমিৱই শত যোদ্ধাৰ তৰোৱালতকৈ তোমাৰ চকুৰ এটি কটাক্ষলৈহে বেছি ভয় কৰে। তুমি কেৱল মোৰ ফালে এবাৰ প্ৰণয়ৰ চকুৰে চোৱা। মই কোনো শত্ৰুলৈ শঙ্কা নকৰোঁ। তোমাৰ ওচৰত বিমুখ হৈ মোৰ এই ঘৃণিত জীৱন বহন কৰাতকৈ মই মৃত্যুকেই কামনা কৰোঁ।"
জুলিয়েট—"কেনেকৈ তুমি ইয়ালৈ আহিলা? বাটকেইবা তোমাক কোনে দেখুৱালে?"