কথা আপোনাক কওঁ—"দেৱমন্দিৰত সোমাই দেৱপ্ৰতিমাৰ কৰ স্পৰ্শ কৰিবৰ আপোনাৰ অধিকাৰ থাকিব পাৰে; কিন্তু চুমা খাবৰ আপোনাৰ কি অধিকাৰ আছে?"
ৰোমিৱই কʼলে—"কিয়, দেৱতা ভক্ত উভয়ৰেইতো ঈশ্বৰে দিয়া দুটি ওঁঠ আছে?”
গাভৰুৱে উত্তৰ দিলে—"ওঁঠ আছে সঁচা; কিন্তু দেৱতাক প্ৰাৰ্থনা জনাবলৈ।" ৰোমিৱই কʼলে- "তেন্তে হে মোৰ আৰাধ্য দেৱতা, মোৰ প্ৰাৰ্থনা শুনা আৰু পূৰ্ণ কৰা! মোক নিৰাশ নকৰিবা।"
এনেকুৱা ধৰণৰ ৰসৰ আলাপ চলি থাকোঁতেই গাভৰু গৰাকীৰ মাকে তেওঁক মতাই নিলে। গাভৰুৰ পৰিচয় বিচাৰি ৰোমিৱই জানিব পাৰিলে যে যাৰ ৰূপ-লাৱণ্যত তেওঁ ইমান মুগ্ধ—যাৰ এবাৰৰ দৰশনতে তেওঁ মন-প্ৰাণ সমৰ্পণ কৰিছে—সেই দেৱী- প্ৰতিমা মণ্টেগ্ পৰিয়ালৰ পৰম শত্ৰু লৰ্ড কেপুলেটৰ একমাত্ৰ কন্যা জুলিয়েট। এই ভাবে ৰোমিৱৰ মনলৈ অলপ শঙ্কা আনিলে; কিন্তু শত্ৰুকন্যা বুলিও তেওঁৰ ভাল পোৱাৰ হ্ৰাস নহল। জুলিয়েটৰ মনো সেই যুৱকলৈ আকৃষ্ট হল। তেৱোঁ যেতিয়া জানিলে যে তেওঁ যাক ভাল পাইছে সেই যুৱক তেওঁ- লোকৰ শত্ৰু মণ্টেগৰ পুতেক ৰোমিৱ। তেতিয়া জুলিয়েটৰ মনতো শান্তি নোহোৱা হʼল। পাৰিবাৰিক শত্ৰু, যাক তেওঁ ঘিণহে কৰিব লাগে, তেনে এজনলৈ এনে ভালপোৱাৰ ভাব সোমাল যে তেওঁ ইচ্ছা কৰিলেও সেই যুৱকৰ মূৰ্ত্তি পাহৰিব নোৱাৰা হʼল।