সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

মাতত মাধুৰী নাই কুলি কেতেকীৰ,
কলিও নুফুলে যেন গানত অলিৰ,
ফুলৰ সৌৰভ একে, একে ফুলনিৰ,
সকলোতে পুৰণিৰ বেশ।

নতুন বসন্ত—
বসন্ত এদিন হব কিজানি নতুন,
প্ৰকৃতিৰ আচঁলত পাম কেঁচাসোণ।
(যিদিনা) ফুলক চুহিব ফুলে, ভোমোৰা পলাব,
বিৰিখৰ কুঁহি পাতে কবিতা বিলাব।
নিতৌ নতুন হব বন-উপবন,
কুলিয়ে সলাব তাৰ কলীয়া বৰণ।
পূজাৰ বেদীত পাব মদাৰেও শোভা,
গোন্ধত আমোলমোল হব ৰঙাজবা॥

⸻⸺

[ ৩৬ ]