পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ৰাস ক্ৰীড়া।


জুৰুৱাইবে লাগি পাছে আমাৰ হৃদয়।
দৈৱকী নন্দন চন্দ্ৰ ভৈলন্ত উদয়॥
কতো আথেবেথে বোলে গোপিকা বচন।
দেখ গোবিন্দৰ মদে চঞ্চল লোচন॥
কুণ্ডলৰ কান্তি জ্বলে বদন পাণ্ডুৰ।
যেন সন্ধ্যা সময়ে উদিত শশধৰ॥
আমাৰ দিনৰ তাপ হৰি বাক প্ৰতি।
আইল বনমালী গজৰাজ লীলা গতি॥
এহি মতে ব্ৰজৰ যুবতী প্ৰতি নিত।
একান্তে অৰ্পিলে গোপালতে প্ৰাণ চিত্ত॥
দিন সব বঞ্চে গোবিন্দৰ গুণ গাই।
তাসম্বাৰ সম ভাগ্যৱতী আৰু নাই॥
পাইলে মহোদয় কৰ্ম্ম বন্ধ ছেদ ভৈল।
মহা মুনি গুৰু শুকে নৃপতিত কৈল॥
ইতো ৰাস ক্ৰীড়া কেলি নামে কামজয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়॥
আক শুনে ভণে যিটো জন অবিশ্ৰাম।
বাঢ়িবে ভকতি অতি জিনিবেক কাম॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।
কলিযুগে তাপে ভাৰতত ভৈলানৰ॥