পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
ৰাস ক্ৰীড়া


ঈশ্বৰ নুহি যিটো মুঢ়মতি।
ইকৰ্ম্ম কৰি যাইবে অধোগতি॥
হৰক দেখি বিষ খায় আনে।
সিজনে যেন মৰি যায় প্ৰাণে॥
দেহত যাৰ নাহি অহঙ্কাৰ।
তাহাৰ কৰ্ম্মত নাহি বিচাৰ॥
জগতৰে হৰি পৰম ঈশ।
ইকৰ্ম্মে তাহাঙ্ক কৰিবেক কিস॥
যাৰ পাদপদ্ম চিন্তি সাম্প্ৰতে।
ছিণ্ডে কৰ্ম্মবন্ধ হেলে ভকতে॥
ধৰিছা লীলা তনু হেন হৰি।
শুনা কথা তান্ত সংশয় এড়ি॥
জগত অন্তৰ্য্যামী নাৰায়ণ।
তান কোন পৰদাৰ গমন॥
যাহাৰ স্মৰণে পাতক মোষে।
তাঙ্ক কি কৰিব ইসব দোষে॥
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌব নিৰ্ম্মল মতি॥
ভকতৰ পদে হৰি।
ক্ৰীড়িল। ৰঙ্গে দহ ধৰি॥