পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ৰাস ক্ৰীড়া।


পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে।
কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা মাএ কৰে।
কৃষ্ণপদ পঙ্কজে নিবিড় কৰি চিত্ত।
দুনাই যমুনাৰ সবে নামিল বালিত।
কৃষ্ণক প্ৰাৰ্থয় গোপী এক ঠায় হুই।
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই।

⸺⸺

ঘোষা।

মোহন দেহু দৰিশন গোপাল প্ৰাণ
 পেখো মুখ কমল।
সংসাৰ তাৰণ,  তেৰি চৰণ,
 নভজি জন্ম বিফল।

কৃষ্ণত নিৰাশা,  হুয়া গোপীচয়,
বালিত নামি দুনাই।
কৃষ্ণ দৰশন,  মনে গীত গাৱে,
কৃষ্ণৰ গুণ বৰ্ণাই।