পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ৰাস ক্ৰীড়া


কৃষ্ণ হুয়া কেহো জনী ফুৰে আণ্ঠু কাঢ়ি।
কঙ্কালত ঘাঘৰ ঘুঘুৰা কৰে সাৰি॥
কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই।
কতো বৎস হুই তাকে ফুৰন্ত চৰাই॥
কতো গোপী বক যেন চুপি থাকে ভিৰি।
কৃষ্ণ হুয়া কতো জনী তাক মাৰে চিৰি॥
কতো জনী কৃষ্ণ হুয়া বাৱে বংশী তুলি।
বেড়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি॥
বংশীৰ নিস্বানে গাই ডাকে নাম ধৰি।
কতো গোপীগণ আসে হাম্বাৰাৱ কৰি॥
কতো জনী বাহু খৈয়া গোপিকাৰ গলে।
কৃষ্ণময় হুয়া কতো আনন্দতে চলে॥
জান গোপীগণ মই কৃষ্ণ যদুপতি।
দেখ দেখ ইটো মোৰ কেন লীলাগতি॥
নকৰিবা ভয় বুলি কতো গোপী মাতে।
মই কৃষ্ণ আছে কি কৰিবে বৃষ্টি বাতে।৷
গাৱয় অঞ্চল তুলি থাকে একে কৰে।
ধৰিলো মন্দৰ হেৰ চাপ নিৰন্তৰে।।
কেহো বোলে কালী দমো মই যদুনাথে।
ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে।।