সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৮৭ নিগ। বৌৰাৰ সখিয়েক ডিঙ্গীত কটাৰি দি মৰিল। সেই দেখি বৌৰাও কটাৰী দি মৰিল। তাতহে ইমান হয়া কয়া লাগিছে। আব্দ ডেকাদেও আপোনাক বৰ আইয়ে মাতিছে। ৰাম। বাৰু যাওঁ যা, তয় আগ হই যা। (নিগদতিৰ প্ৰস্থান। 1 ৰাম। হে প্ৰাণেশ্বৰি! তুমি মোক এৰি গলা! মোৰ নিমিত্তে তোমাৰ আব্দ তোমাৰ সখিয়েৰৰ আৰু তোমালোকৰ (৮০) অন্যান্য সকলৰ এনে দশা হল। মোৰ এই জীবনত কাম নাই। ময় কেতিয়াও কুকৰ্ম্ম কৰা নাই! ধৰ্ম্মে জানে। হে প্ৰাণপ্ৰিয়া ময় যদি তোমাত বাজে অইন কাতো মন দিছোঁ তেন্তে মোক ধৰ্ম্মে শান্তি দিব। মোৰ এই জীবনত কাম নাই।—( এই দলি জৰি আনি চতীত জীৰ লগাই ডিঙ্গীত ফাঁহি দি )–হে ধৰ্ম্ম! তুমি সাক্ষী! – এই দাৰুণ দেশাচাৰৰ শাসনত এনে হল। হে প্ৰিয়ে নবমী! হা নবমী! হে জগদীশ্বৰ! (মৃত্যু ) - (ইতি নিষ্ক্ৰান্তাঃ ) পঞ্চম অঙ্ক প্ৰথম দৰ্শন মহাজনৰ বাহৰ। মহাজন আৰু তদসঙ্গি ভকত আৰূ কুলনাথ মহা। বাপ ু! তোমালোকৰ ফালে ৰাতি হয়া কয়া শনিছিলোঁ আৰু ৰাতিয়া এই পিনে হন, দাৰোগাও গইছিল। কিনো? ফলে। প্ৰভু! কালি ৰাতি ছয় দণ্ড মান যোয়াত শিবকান্তৰ জীয়েক নৰ্মী ডিঙ্গীত কটাৰি দি মৰিল। ৰাতি পয়া আকৌ হৰনাথৰ তেক ৰামকো গলত ফাঁহি দি মৰি থকা দেখা গল। তাতেহে দাৰোগা আহিছিল। সিহত আপনি মৰা প্ৰমাণ পায় দাৰোগাই ৰিপোৰ্ট লই গইছে। মহা। কাৰোতো একো নহয়? ম‍ই কালি শিবকান্তৰ দায় বদলিছিলোঁ, মোৰ জানো একো নহয়? ফলে। প্ৰভু! নহব পায়। [৮১। মহা। বাপ! কাৰনো সইতে নবমীৰ সংঘটন হইছিল কৰ পাৰানে? ইয়াৰ কিবা জানানে?