সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ৰামনবমী নাটক

ফুলেশ্বৰীৰ প্ৰবেশ।

ফুলেশ্বৰী। আই! জয়তী! সখিয়েৰৰ মূৰৰ চোৰটো মেলাই দিবি।
জয়ন্তী। আমই। দিওঁ আৰূ দিমতো। [৫৪]
ফুলে। তাই কেতিয়াবা কেতিয়াবা কাপোৰ চাপোৰ আৰূ খাৰু মনিও পিন্ধে। একে জনি চোয়ালী কেনেকেইনো চাই থাকিম?
জয়ন্তী। তাকেতো আমই?
ফুলে। আই! নবমী! তই সখিয়েৰে সইতে উমলী থাক ময় অধ্যাপকৰ ঘৰলৈ যাওঁ।
নবমী। আই! সখিয়ে আজি ইয়াতে ভাত খাব আৰু শুবও।
ফুলে। বাৰু! তেনে হলে গাৰুৰ তলতে পয়সা আছে কিবা কিবি কিনি আনিবলৈ দে আৰূ ৰান্ধনি ঘৰত কিবা আছে দুইও খা গই।

[ইতি প্ৰস্থান।]

জয়ন্তী। সখি! ময় একেবাৰে ঘৰত আইৰ আগত কই আহোঁগই। দেই।
নবমী। বাৰু সখি! যোয়া সোনকালে আহিবা।

[ইতি নিষ্ক্ৰান্তাঃ।]

তৃতীয় দর্শন
কামদেবৰ বাটী
কামদেব আৰু ৰামচন্দ্ৰৰ প্ৰবেশ।

কামদেব। বন্ধো! ময় সিদিনা কবৰে পেৰা তুমি যে নবমীৰ পৰা মন পালটাইছা ইয়াত ভাল পাইছোঁ।
ৰামচন্দ্ৰ। হয় বন্ধো! সি মিচা। এতেকে তেনে কৰ্ম্ম কৰা ভাল নহয়।

[৫৫]

কাম। ময় তোমাক কওঁ বন্ধো। তেনে কৰ্ম্মত বিশেষতঃ নবমীত পাপ আছে।
ৰাম। তোমাৰ আশীৰ্ব্বাদত যে বন্ধো মনৰ গতি লৰিল ইয়াত সন্তুষ্ট হইছোঁ।
কাম। তোমাত কওঁ বন্ধো! ম‍ই সত্যে কইছোঁ তোমাৰ সেই পাপৰ কাৰ্য্যৰ পৰা মন পালটন হোয়াত বৰ সন্তোষ পাইছোঁ। ই বৰ পাপ জনক কাৰ্য্য।
ৰাম। হয় বন্ধো! ময়ও সন্তোষ পাইছোঁ। কি পাপৰ কাৰ্য্য!