| ফুলেশ্বৰী।
|
আই! জয়তী! সখিয়েৰৰ মূৰৰ চোৰটো মেলাই দিবি।
|
| জয়ন্তী।
|
আমই। দিওঁ আৰূ দিমতো। [৫৪]
|
| ফুলে।
|
তাই কেতিয়াবা কেতিয়াবা কাপোৰ চাপোৰ আৰূ খাৰু মনিও পিন্ধে। একে জনি চোয়ালী কেনেকেইনো চাই থাকিম?
|
| ফুলে।
|
আই! নবমী! তই সখিয়েৰে সইতে উমলী থাক ময় অধ্যাপকৰ ঘৰলৈ যাওঁ।
|
| নবমী।
|
আই! সখিয়ে আজি ইয়াতে ভাত খাব আৰু শুবও।
|
| ফুলে।
|
বাৰু! তেনে হলে গাৰুৰ তলতে পয়সা আছে কিবা কিবি কিনি আনিবলৈ দে আৰূ ৰান্ধনি ঘৰত কিবা আছে দুইও খা গই।
|
| জয়ন্তী।
|
সখি! ময় একেবাৰে ঘৰত আইৰ আগত কই আহোঁগই। দেই।
|
| নবমী।
|
বাৰু সখি! যোয়া সোনকালে আহিবা।
|
তৃতীয় দর্শন
কামদেবৰ বাটী
কামদেব আৰু ৰামচন্দ্ৰৰ প্ৰবেশ।
| কামদেব।
|
বন্ধো! ময় সিদিনা কবৰে পেৰা তুমি যে নবমীৰ পৰা মন পালটাইছা ইয়াত ভাল পাইছোঁ।
|
| ৰামচন্দ্ৰ।
|
হয় বন্ধো! সি মিচা। এতেকে তেনে কৰ্ম্ম কৰা ভাল নহয়।
|
| কাম।
|
ময় তোমাক কওঁ বন্ধো। তেনে কৰ্ম্মত বিশেষতঃ নবমীত পাপ আছে।
|
| ৰাম।
|
তোমাৰ আশীৰ্ব্বাদত যে বন্ধো মনৰ গতি লৰিল ইয়াত সন্তুষ্ট হইছোঁ।
|
| কাম।
|
তোমাত কওঁ বন্ধো! মই সত্যে কইছোঁ তোমাৰ সেই পাপৰ কাৰ্য্যৰ পৰা মন পালটন হোয়াত বৰ সন্তোষ পাইছোঁ। ই বৰ পাপ জনক কাৰ্য্য।
|
| ৰাম।
|
হয় বন্ধো! ময়ও সন্তোষ পাইছোঁ। কি পাপৰ কাৰ্য্য!
|