| দেবদত্ত।
|
কিনো বুলিম? লৰাৰ বিয়া দিবৰ সময় হইছে। এতিয়া হলেই হয়।
|
| হৰ।
|
ককাই! মোৰ মনে হলে এই জনি চোয়ালী ওঁভতাঁও কিয়নো মোৰ আয়ে মোৰ আগত কইছিলে বোলে কটকী, কাকতী আৰূ মহাজনৰ ঘৰৰ চোয়ালী বিয়া নকৰাবি। বাস্তবিক কথাও হয়। ইহতঁৰ প্ৰায় চোয়ালী বৰ দন্দুৰী আৰু চঞ্চলা।
|
| দেব।
|
তেনে কথা নৰয়। আমাৰ ইয়াৰ এজনে কইছিল বোলে ময় মহাজনৰ ঘৰৰ চোয়ালী বিয়া নকৰাও। কৰালেও তাৰ হাতে পিণ্ড নলওঁ। পিছে এজনি নহয় দুজনি মহাজনৰ চোয়ালী বিয়া কৰালে। এজনিৰ এটী ৰত্নৰ নিচিনা বৰ কীৰ্তিমান লৰাও হইছিল। সেই লৰাৰ হাতে তেওঁ পিণ্ড লইছেনে নাই কেনেকেই কম? যদিহে লোয়া নাই তেন্তে বৰ দুৰ্ভগিয়া বুলিম। বোধহয় তেনে হ’ব নেপায় [৫৩]
|
| হৰ।
|
যি হওক এইজনি চোয়ালী খুজিবলৈ হাকদি পঠাওঁ।
|
| দেব।
|
দিয়া। ময় এতিয়া ঢেকায়লী পটীলৈ যাঁও। এখন তক্তপোশ কিনিব লাগে।
|
দ্বিতীয় দৰ্শন
শিবকান্তৰ বাটী
নবমী আৰু জয়ন্ত্ৰীৰ প্ৰবেশ।
| জয়ন্তী।
|
সখি! আজি কালি গা কেনে পাইছা।
|
| জয়ন্তী।
|
তোমালোকৰ ভাল যোৰা খাইছে।
|
| জয়ন্তী।
|
কিয় ৰামনবমী! কেনে চিকোন যোৰা খাইছে।
|
| নবমী।
|
তোমাৰ আশীৰ্ব্বাদ সখি।
|
| জয়ন্তী।
|
আজি ৰামনবমী নহয়? আজি ৰাতি তেনে হলে ৰাম সীতাৰ দৰে তোমালোকৰ যুগলৰূপ দৰ্শন কৰিম! তুমি এতিয়া নিতৌ অলঙ্কাৰ আৰু কাপোৰ পিন্ধা নহয়?
|
| নবমী।
|
ৰাতি পিন্ধো দিনত হলে খহাই থওঁ। কেতিয়াবা সমূলি নিপিন্ধো।
|