সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
ৰামনবমী নাটক
ময় অনাথিনীৰ প্ৰতি ব্যাকুল হই এওঁ একাগ্ৰ চিত্তে প্ৰাণ সমৰ্পিলে! হে ধৰ্ম্ম! ময় আজিৰ পৰা এই পুৰুষ এই ৰামক স্বামী স্বীকাৰ কৰিলোঁ। হে পৰমাত্মন্! আমাৰ এই প্ৰতিজ্ঞা দৃঢ়তৰ হওক আৰূ তুমি কৰা। “হৃদিস্থিতি হুয়া তুমি, যেন কাৰোৰাহা স্বামী হৃষিকেশ কৰিবো তেনয়”। (ৰামৰ প্ৰতি) “নেৰিবা বান্ধব স্বামী জীবনে মৰণে, সত্যে সত্যে প্ৰাণনাথ পশিলোঁ শৰণে।” [৪৯]
ৰাম। হে ঈশ্বৰ! হে প্ৰাণেশ্বৰী! তোমাৰ ইচ্ছা ঈশ্বৰে সম্পূৰ্ণ কৰাওক। হে যাদু! (এই বুলি স্নেহপ্ৰকাশ)৷
নবমী। তোমাৰ নামটী—জনোবা সীতাৰ দৰে কৰা।
ৰাম। তেনে হলে মোৰ নাম নবমীবল্লভ।
নবমী। না! না! নামে কি কৰে? গোলাপক যদি গোলাপ নুবুলি পলাশ বোলা যায় তেও সুগন্ধ পোঁয়া নেযাবনে? ও? মন চোৰ!
ৰাম। চাঁও কোন মুখেৰেনো মোক চোৰ বুলিলে। (ওৰণি গুছাই) অঃ এই খন মুখ (চুম্বন)।

(সাত্বিক ভাবৰ আবিৰ্ভাব)[]

নবমী। মোৰ আজি গাটোও বৰকৈ পুৰিছে। চাকি গছো বৰকৈ জ্বলিছে।
ৰাম। বাৰু। শীতল কৰোঁ। (প্ৰদীপ নিৰ্ব্বাণ)। বাদ্যাদি। [ইতি নিষ্ক্ৰান্তাঃ।]

পঞ্চম দর্শন
জয়ন্তীৰ বাটী
(নবমী আৰু জয়ন্তীৰ প্ৰবেশ)

জয়ন্তী। সখি! কেনে?
নবমী। (লজ্জায় নম্ৰমুখী)। যেনে দেখিছা।
জয়ন্তী। তাকেতো! একে দিনতে এনে আলু থালু হলা। চুলি বোৰ কেনে আউল জাউল হইছে? মুখ খন কেনে উভহাঁ উভহি দিছে? চকু দুটা কেনেকেই উখহিছে। কিমান ৰাতিলৈ সাৰে আছিলা।
নবমী। তোমালোকৰ ইয়াত যেনেহে মহ টোপনী নাহে। ৰাতিপুয়াহে শুইছোঁ।

  1. স্তম্ভঃশ্বেদোথৰোমাঞ্চঃস্বৰভঙ্গোথেবেপুঃ।
    বৈবৰ্ণমশ্ৰুপ্ৰলয়ো ইত্যষ্টৌ সাত্বিক স্মৃতঃ॥ [৫০]