পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


অ’ সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,
নামৰ সমান সিটো কোটি ভাগে নয়॥
মোৰ নাম লৱে যেবে বাঢ়য় অগনি,
শুখান পাতেক বন লাগৈ তাতে চানি।
অ’ হওঁ অনুকুলে মই প্ৰচণ্ড বতাস,
তিলেকো নালাগে দহি কৰো সৰ্ব্বনাশ।
সৰ্ব্ব ধৰ্ম্ম এৰি এক শৰণ সাক্ষাত,
সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত।
অ’ নকৰিবা ভয় হেৰা কৰো অঙ্গিকাৰ,
সমস্ত পাপতে মই কৰিবো নিস্তাৰ॥
নামৰ মহিমা কোনে কৰিবেক সীমা,
ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা।
অ’ হেন জানি বোধজন এৰি আন কাম,
পাতেক চাবোক ডাকি বোলা ৰাম ৰাম॥

.......................

৪৫। মূল ঘোষাঃ-

হনুমন্ত জাম্বৱন্ত বিভিষণ সমে,
উদ্ধৱ বিদুৰ মৈত্ৰ আদি ভক্ত গণে।
সৰ্ব্ব ত্যাগ কৰি কৈলা ঈশ্বৰৰ সেৱা,
কলি যুগে গৃহে থাকি নাম মাত্ৰ লোৱা॥

পদঃ-

কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি,
শুনা সাবধানে তাক থিৰ কৰি মতি।
বিষ্ণু ভকতৰ সঙ্গ লৈবে প্ৰথমত,
গুৰু মানি শুশ্ৰুষা কৰিবে ভালমত॥
লৈব উপদেশ মাধৱক আৰাধিব,
যতেক সুকৃতিমানে কৃষ্ণতে অৰ্পিব।

(৮৪)