পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮) সময় ১৫ (পোন্ধৰ) মিনিটতকৈ কম হ'লে নামষাৰ এবাৰ ঘোষাৰ পাছতে বাদ্যযন্ত্ৰ সহিতে পদ আৰম্ভ কৰিব পাৰে।

(৯) বিলম্বৰ পৰা মধ্যলৈ আৰু মধ্যৰ পৰা দ্ৰুতলৈ সুৰ পৰিবৰ্তন কৰোতে নাম আৰু পদৰ লগত সংহতি ৰক্ষা হোৱাকৈ দিহাযোজনা দিয়াটো অতিকে বাঞ্চনীয়।

(১০) নাম পৰিবেশনৰ সময়ত দেহৰ সঞ্চালন অৱশ্যেই গ্ৰহণযোগ্য। কিন্তু পৰস্পৰে স্পৰ্শ নকৰাকৈ শৃঙ্খলাবদ্ধভাৱে সঞ্চালন কৰিব লাগে।

(১১) পৰিবেশন চলি থকাৰ মাজত অদ্ভুত চিঞৰ মাৰি ধ্বনি দিলে নামৰ সৌন্দৰ্যতা ম্লান পৰালৈ লক্ষ্যৰাখি প্ৰতিটো লয়ত এবাৰ বা দুবাৰ গাম্ভীৰ্যতা ৰক্ষা কৰি ধ্বনি দিব পাৰি।

(১২) সামৰণি চাপৰিৰ লগে লগে “অপৰাধ বিনাশন তযু নাম.............. পশিলো শৰণে” ঘোষাভাগ গাই অ’হৰি, অ’ৰাম হৰিধ্বনি কৰিব লাগে। (সময় কম হলে ঘোষাভাগত সুৰ প্ৰয়োগ নকৰিলেও হব)।

(১৩) পৰিশেষত সকলোৱে গুৰবন্দনা “শ্ৰীমন্ত শঙ্কৰ হৰিভকতৰ.............. আমাৰ পৰম গুৰু” গাই অ’ হৰি, অ’ ৰাম ধ্বনিৰে সামৰিব লাগে।

(১৪) প্ৰতিযোগীতাত আৰ্শীবাদ গ্ৰহণ যোগ্য নহয়।

(১৫) সকলোৱে আসন ত্যাগ কৰি একেলগে সমাজলৈ “কৃষ্ণ” বুলি পুনৰ ওলগ জনাই শৃঙ্খলবদ্ধভাৱে মঞ্চৰ পৰা ওলাই আহিব লাগে।