পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ভাঙনি ঘোষা :-
যাৰ মনে লৈলে মাত্ৰ নামতে শৰণ।
হৈবে পূৰ্ণানন্দ হুয়া বিঘিনি বাৰণ॥
পদ :-
মোৰ কথা শ্ৰৱণ কীৰ্ত্তন বিনে আন,
নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান।
মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি,
আকেসে বুলিয় সখি উত্তম ভকতি।
এৰি বিধি কিঙ্কৰ ধৰ্ম্ম সব কাম,
সুদৃঢ় বিশ্বাসে সখি স্মৰা মোৰ নাম।
ইটো কৃষ্ণ নামতে সমস্তে আছে গুণ,
হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জ্জুন।
যদ্যপি অক্ষৰ দুই দেখা কৃষ্ণ নাম,
তথাপি ত্ৰৈলোক্য নাহি ইহাৰ সমান।
যতেক পাতেক আছে ব্ৰহ্মাণ্ড ভিতৰে,
সবাকো কৰিব পাৰে ভষ্ম একবাৰে।
হেন জানি সমস্ত ধৰ্ম্মকে পৰিহৰি,
তৰিও সংসাৰ সখি কৃষ্ণ নাম স্মৰি।
কৃষ্ণৰ কিঙ্কৰে কহে শংকৰে সম্প্ৰতি,
বোলা হৰি হৰি পাপ যাউক অধো গতি॥

৪৩। মূল ঘোষা :-
আই মোক কেলৈ জনম দিলা।
আই মোক নদীত উটাই দিলা।
সুত পুত্ৰ বুলি কৰ্ণ সমাজে তেজিলা
আইৰ হৃদয়ে বাৰু কেনেকৈ সহিলা - মোৰ
আই অ', বুকুৰ বেদনা মোৰ নুবুজিলা॥

(৮০)