পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত।
শুদ্ধভাবে লৈলে যিটো কৃষ্ণত শৰণ,
ভকতিৰ আনন্দে আকুল যাৰ মন।
সিসি মহাজনে আৰ তত্বক পায়,
চাৰিবেদ পুৰাণৰ এহিসে নিৰ্ণয়॥

......................

১২। মূল ঘোষা:-
মন তই কি দেখি পাগল হলি,
মন তই ঈশ্বৰক পাহৰিলি।
পুত্ৰ ভাৰ্য্যা ধন
তাতেই দিলি মন।
মন তই নিজেই নিজৰ নাশ চপাইললি॥

পদ:-
মনে যিবা কৰে জীৱে বোলে মই কৰো।
মনৰ মৰণে জীৱে বোলে মই মৰো -মন
ঈশ্বৰক পাহৰিলি॥
যেন সূৰ্য্য বিম্ব লৰে জলৰ লগত।
জল স্থিৰ ভৈলে বিম্ব হোৱে পূৰ্ব্বত -মনু
ঈশ্বৰক পাহৰিলি॥
মনৰ কৰ্ম্মক যিটো মোৰ বুলি আছে।
কৰ্ম্ম পথে বন্দী জীৱ এহিসে নিদানে -মন
ঈশ্বৰক পাহৰিলি॥
মনে পাপ মনে পূণ্য মনেসে নৰক।
মনেসে কৰিছে ভেদ আপোন পৰক - মন
ঈশ্বৰক পাহৰিলি।
যতেক ইন্দ্ৰিয়গণ মনৰ অধীন।
মনৰেসে আজ্ঞা পালি থাকে ৰাত্ৰি দিন - মন
ঈশ্বৰক পাহৰিলি।

(৭৯)