ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক
নাৰদে ব্যাসক আনি দিলা,
তিলেকো নগৈল ভাগি ইলে সিডালে লাগি
শুক মুখে ভূমিত পৰিলা॥
কৰা পান ফল ইটো যাৰ ভাগ্য আছে যিটো
ৰস বিভাৱনত চতুৰ,
সাধু সঙ্গ যত্ন কৰি কৰ্ণে কৃষ্ণ কথা ভৰি
সমস্ত আপদ কৰা দূৰ॥
ভাঙনি ঘোষাঃ-
পুৰাণৰ সূৰ্য্যশাস্ত্ৰ মহাভাগৱত।
সাধু সঙ্গ মূল মন্ত্ৰ আৰু ভক্তিতত্ব।
পদঃ-
শুনিয়োক সবে সাধু সভাসদ জন,
কৃষ্ণৰ অভয় পদে লৈয়োক শৰণ।
গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত,
তেজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।
একমাত্ৰ মোতে তুমি লৈয়োক শৰণ,
নকৰিবা ভয় হেৰা কৰিবো ৰক্ষণ।
এহি মানে কহিলন্ত গীতাৰ শকতি,
জানি সাধুজন যাৰ আছয় সুমতি।
লৈয়োক শৰণ এক ঈশ্বৰ কৃষ্ণৰ,
এহিমানে তাত পৰ্য্য সমস্তে শাস্ত্ৰ।
তৰ্ক বেদ বেদান্তৰো এহিমানে সীমা,
এবে শুনা ভাগৱত শাস্ত্ৰৰ মহিমা।
বৈকুণ্ঠৰ শাস্ত্ৰ যিটো মহাভাগৱত,
ব্যাস মহা ঋষি আক কহিছে মহত্ব।
আৰ অন্ত গৰ্ত পৰমাৰ্থ তত্ব যত,
(৭৮)