পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

হেনজানি তেজি বিষয় ধান্দা।
হৰিৰ নামক গলত বান্ধা॥
অ’ কত পুণ্যে পাই মনুষ্য তনু,
ইহাক বিফল নকৰা পুনু॥
মোহ নিদ্ৰা এৰি লোৱা চেতন।
কৃষ্ণৰ সেৱাত কৰা যতন।
অ’ সত্বৰে কৰা পৰলোক কাম,
ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥

.........................

৪১। মূল ঘোষা:-
ভাগৱত আছিলে বৈকুণ্ঠত।
ব্ৰহ্মায়ে পাই দিলে আনি নাৰদক॥
ব্যাসে পাই দিলে পুত্ৰ মুণি শুকক,
সাত দিনে কৈলে ৰাজা পৰীক্ষীতক।

পদ:-
শুনিয়োক সৰ্ব্বজন কৃষ্ণতে অৰ্পিয়ো মন
 মহাভাগৱত কথা সাৰ।
ইসে পুৰাণৰ সূৰ্য্য  ভকতি প্ৰকাশক
 সমস্ত শাস্ত্ৰৰো সাৰোদ্বাৰ॥
শুনা আৰু তত্বভেদ  কল্পতৰু ভৈলা বেদ
 তাৰ ফল মহাভাগৱত,
নাছিল সাৰ সিঠা ছাল  নাছিলেক অতকাল
 স্বৰ্গ মৰ্ত্ত পাতাল মধ্যত॥
স্বাদত অমৃত ময় কেৱলে আনন্দ ৰস
 পূৰ্ব্বত আছিল বৈকুণ্ঠত,
কৃষ্ণৰ কৃপাত পাছে  অৰ্দ্ধেক বয়স গৈলা
 পাইলা ব্ৰহ্মা পদ্ম কলপত॥

(৭৭)