পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

হেনো ভাগৱতৰ ৰসেৰে।
ভকতক মোহিলে নামেৰে॥

পদ:-
বোলন্ত শুকে শুনা নৃপবৰ্য্য।
বায় স্কন্ধৰ যি-তাত পৰ্য্য॥
অ’ কৃষ্ণ বিনে নাই অপৰ দেৱ।
জানিয়া কৃষ্ণক কৰিয়ো সেৱ॥
যাহাৰ আছে পুণ্য অসংখ্যাত।
সিসে পাতে কাণ কৃষ্ণ কথাত॥
অ’ সেহিসে কৃষ্ণক বোলৈ আপোন।
শুনিয়ে কৃষ্ণ দেৱতাৰ গুণ॥
ভকতে যত লৱৈ গুণ নাম।
তাহাৰ মালা গান্থি অনুপাম॥
অ’ পিন্ধন্ত কণ্ঠত কৰি উৎসৱ।
হেনসে ভকত বন্ধু মাধৱ।
যিজনে যায় হৰিনাম সেৱি।
পাছত ফুৰৈ যত দেৱ-দেৱী॥
অ’ যতেক তীৰ্থ তাক তুতি কৰৈ।
তাৰ বায়ু পাপ সমস্ত হৰৈ॥
যি জনে ফুৰৈ নাম উচ্চাৰি।
তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥
অ’ বৎসক স্নেহে যেন ধনু ধায়।
ভজিয়ো জানি হেন হৰি পায়॥
মহাপাপী আতি অধম জাতি।
তাকো নামে কৰে পবিত্ৰ আতি॥
অ’ হেনসে নাম ধৰ্ম্ম শিৰোমণি,
পাপ অৰণ্যৰ যেন অগনি॥

(৭৬)