পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

৪০। মূল ঘোষা:-
হৰি অংশে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ,
মানৱৰূপত তুমি গুৰু জগতৰ।
মুক্তি মন্ত্ৰ হৰি নাম কৰিলা প্ৰচাৰ,
আজি শুভক্ষণে গুৰু সুঁৱৰো এবাৰ॥

পদ:-
গুৰ শঙ্কৰ পদে কৰো নমস্কাৰ।
বান্ধ মাধৱৰ পদে কৰো নমস্কাৰ॥
লোকৰ কল্যাণ হেতু ভৈলা অৱতাৰ।
ৰাম নাম মহা ৰত্ন কৰিলা প্ৰচাৰ॥
শুদ্ধ ৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ ভজন মালা ভকতক দিলা॥
তিনি সন্ধ্যা গুৰু সেৱা কৰে যিটোজন।
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সবাসাতে শ্ৰেষ্ঠতৰ॥
সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডাৰ।
গুৰুৱে কৰিবে পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাতহন্তে লভয় জনম।
আদ্যগুৰু পিতৃ সিটো পূজনী উত্তম।
আনো সৱ যত যত পূজনী আছয়।
সবাতো অধিক পিতা পূজনী হোৱয়॥
যিটোজনে ভকতি জ্ঞান দান কৰে।
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।
জগতত আন আৰু নাহি তাৰ সম॥

ভাঙনি ঘোষা:-
বৈকুণ্ঠৰ মূলমন্ত্ৰ ভাগৱত।
শঙ্কৰদেৱে দিলে আনি মাধৱক॥

(৭৫)