এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
ভাজন ঘোষাঃ-
প্ৰহ্লাদে ঈশ্বৰত ভকতি কৰিলে
মানি ইটো শুদ্ধ পন্থা।
গুৰুকো তেজিলে পিতৃকো এৰিলে
জানি কুল ধৰ্ম্ম মিছা।
পদঃ—
ৰাক্ষস গণক ক্ৰোধে আদেশয়
মাৰ পাপীষ্ঠক বেঢ়ি,
ভাতৃ বৈৰী বিষ্ণু তাকেসে সেৱয়
আমাৰ সৌহাদ্য এৰি।
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
ৰাক্ষস উঠিল ৰাগী,
হাতে ক্ষুৰ ধৰি খেখট্ কৰিয়া
ধাইলা প্ৰহ্লাদক লাগি।
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
দিলেক শূলৰ ঝাক,
বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে
কটাক্ষো নকৰে তাক।
বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্লাদে
আছন্ত নিৰ্ভয় ভাৱে,
দেখি দৈত্যপতি মনত চিন্তয়
শ্ৰুতি নাই তাৰ গাৱে।
আছোক মৰি ভয় নোপজয়
নেড়য় নামৰ পাশ,
ইহাৰ বিৰুদ্ধে জানিলা অৱশ্যে
মোহৰ হৈব বিনাশ।
জানি ঈশ্বৰক ধৰা সামাজিক
তন্ত্ৰ মন্ত্ৰ পূজা এৰি,
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
ডাকি বোল হৰি হৰি॥
(৭৪)