এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
পাৰিবে লগিলা গালি,
শুনৰোঅ অধম ব্ৰাহ্মণ শিশুক
এহিসে পাঠ শিখাইলি।
ষণ্ডামৰ্কে বোলে আন নিশিকাও
ইটো নপঢ়াও আমি,
তোমাৰ তনয় স্বভাবে বোলয়
কোপ এৰা দৈত্যস্বামী।
হেন শুনি পাছে হিৰণ্যকশিপু
সোধয় কথা পুত্ৰত,
গুৰু নিশিখাইল হেন অদভূত
বাণী বোল কেনমত।
প্ৰহ্লাদে বোলন্ত শুনিয়োক তাত
বিষয়ীৰনাহি গতি,
গুৰু উপদেশে আপোনাৰ হন্তে
নোপজে কৃষ্ণত ৰতি।
আপুনি বিষয়ী হুয়া যিটোজনে
বিষয়ীক গুৰু মানে,
যেন অন্ধলোক অন্ধে উপদেশ
বিষ্ণুক সিটো নজানে।
হেন শুনি পাছে ক্ৰোধে দৈত্যৰাজ
জ্বলি গৈল অহংকাৰী,
মাটিত লাগিয়া পুত্ৰক পেহলাইলা
কোলাৰ পৰা আচাৰী।
(৭৩)